ভাৰত–নিউজিলেণ্ডৰ আজি প্রথম টি–২০
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ টীম ইণ্ডিয়া আৰু ঘৰুৱা দল নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজিৰে অকলেণ্ডত অনুষ্ঠিত হ’ব৷ ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্রিকেটৰ পিছত দুয়োটা দলে প্রথমবাৰৰ বাবে মুখামুখি হ’ব৷
আজিৰে পৰা আৰম্ভ হ’বলগীয়া টি–২০ মেচৰ শৃংখলাটোক লৈ আত্মবিশ্বাসী ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলি৷ শেহতীয়াভাৱে ঘৰৰ মাটিত শ্রীলংকা আৰু শক্তিশালী অষ্ট্রেলিয়াক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে নিউজিলেণ্ডতো আশানুৰূপ প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে৷ বিশ্বকাপ ক্রিকেটৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পোটক তোলাৰ পৰিকল্পনা নাই বুলি উল্লেখ কৰি ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে কয় যে অষ্ট্রেলিয়াত হ’বলগীয়া টি–২০ বিশ্বকাপলৈ প্রস্তুতি চলোৱাটোৱেই তেওঁলোকৰ প্রধান লক্ষ্য৷
সাংবাদিকৰে হোৱা বার্তালাপত অধিনায়ক কোহলিয়ে কয় যে আমি ইয়ালৈ বিশ্বকাপৰ ছেমিত পৰাস্ত হোৱাৰ পোটক তুলিবলৈ অহা নাই৷ আমাৰ মূল লক্ষ্য হ’ল টি–২০ বিশ্বকাপলৈ এটা শক্তিশালী দল গঠন কৰা৷ শিখৰ ধাৱনৰ অনুপস্থিতিয়ে শৃংখলাটোত ভাৰতীয় দলটোৰ বেটিং বিভাগক কিছু পৰিমাণে চিন্তিত কৰিব ৰাখিব বুলি উল্লেখ কৰি অধিনায়ক কোহলিয়ে লগতে কয় যে এই শৃংখলাটোত ধাৱনৰ অনুপস্থিতিত লোকেশ ৰাহুলে দলৰ ইনিংছ মুকলি কৰাৰ লগতে উইকেটকীপাৰৰো দায়িত্ব বহন কৰিব৷ শৃংখলাটো সহজ নহ’ব বুলি উল্লেখ কৰি কোহলিয়ে কয় যে টীম ছাউডি, ডাৰেল মিচেল, মিচেল ছাণ্টনাৰৰে গঠিত কিৱি দলটোৰ বলিং বিভাগ অধিক শক্তিশালী৷
ইফালে, বেটিং বিভাগতো অধিনায়ক উইলিয়ামছনৰ লগতে মার্টিন গুপ্ঢিল, ৰ’ছ টেইলৰ, ক’লিন মুনৰো আৰু ক’লিন ডি গ্রেণ্ডহোমো আছে৷ গতিকে শৃংখলাটো আকর্ষণীয় হৈ উঠাটো খাটাং৷ ইফালে, ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভৰ বাবে ছার্দুল ঠাকুৰ আৰু নৱদীপ ছাইনীৰ মাজত যুঁজ চলিব বুলি ইংগিত দিছে অধিনায়ক বিৰাট কোহলিয়ে৷
খেলৰ সময়ঃ দুপৰীয়া ১২.২০ বজা৷