ভাৰত–পাকৰ হাইভল্টেজ মেচত বৰষুণৰ শংকা
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: অহা ২৩ অক্টোবৰত চলিত বিশ্বকাপৰ প্রথমখন হাইভল্টেজ মেচ অনুষ্ঠিত হ’ব৷ এই মেচখনত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ অহা দেওবাৰে মেলব’ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব লগা মেচখনৰ জৰিয়তে দুয়োটা দলে বিশ্বকাপত নিজৰ অভিযান আৰম্ভ কৰিব৷ বিশ্বৰ ক্রিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধ হৈ পৰা এই মেচখনত অংশগ্রহণ কৰাৰ বাবে আজি ব্রিজবেনৰ পৰা মেলব’নত উপস্থিত হৈছে ভাৰতীয় দলৰ খেলুৱৈসকল৷
উল্লেখ্য যে ব্রিজবেনত ভাৰতে অষ্ট্রেলিয়াৰ বিপক্ষে এখন প্রস্তুতি মেচত অংশগ্রহণ কৰিছিল৷ গাব্বা ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনত যোৱাবাৰৰ চেম্পিয়ন দলটোক পৰাস্ত কৰি ভাৰতে বিশ্বকাপলৈ আত্মবিশ্বাস বৃদ্ধি কৰে৷ দীর্ঘদিনৰ মূৰত দললৈ প্রত্যাৱর্তন ঘটোৱা মহম্মদ ছামিয়ে দুর্দান্ত বলিঙেৰে ভাৰতৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ কালি নিউজিলেণ্ডৰ বিপক্ষে ভাৰতে দ্বিতীয়খন প্রস্তুতি মেচত অংশগ্রহণ কৰাৰ কথা আছিল যদিও বৰষুণৰ বাবে মেচখন বাতিল কৰা হয়৷ অৱশ্যে দুয়োটা দলে গাব্বাত ইনড’ৰত অনুশীলন কৰে৷ মেলব’নত অনুষ্ঠিত হ’ব লগা ভাৰত–পাকিস্তানৰ মেচখনতো বৰষুণে বিধি–পথালি দিয়াৰ সম্ভাৱনা আছে৷