মুম্বাইৰ ৰাজপথত স্কুটীত তাৰকা দম্পতী কোহলি–অনুষ্কা
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ মুম্বাইৰ ৰাজপথত হঠাৎ দেখা গ’ল তাৰকা দম্পতী বিৰাট কোহলি আৰু অনুষ্কা শর্মাক৷ স্কুটীত উঠি দুয়োজনে ঘূৰি ফুৰিছে৷ তেওঁলোকে মূৰত পিন্ধিছিল মুখ ঢ়কা হেলমেট৷ কিন্তু ফটো সাংবাদিকৰ হাতৰ পৰা সাৰি যাব নোৱাৰিলে তেওঁলোক৷ বিলাসী চাৰিচকীয়া গাড়ী এৰি হঠাৎ দুয়ো স্কুটীত উঠা বাবে সকলো বিস্মিত হয়৷ বিৰাটে পিন্ধিছিল সেউজীয়া ছার্ট আৰু ক’লা জীনছ৷ আনহাতে অনুষ্কাই পৰিধান কৰিছিল ক’লা টি ছার্ট আৰু পেণ্ট৷ হঠাতে দুয়োকো মুম্বাইত স্কুটীত ঘূৰি ফুৰা দেখি সকলো অবাক৷ উল্লেখ্য যে সম্প্রতি মুম্বাইত অনুশীলন কৰি আছে বিৰাটে৷ এছিয়া কাপত ভাৰতৰ হৈ অংশগ্রহণ কৰিব তেওঁ৷ জিম্বাব’ৱেৰ বিপক্ষে চলিত শৃংখলাত তেওঁক জিৰণি দিয়া হৈছে৷ ইয়াৰ বিপৰীতে তাৰকা অভিনেত্রী অনুষ্কাই সম্প্রতি চাকদহ এক্সপ্রেছ নামৰ এখন ছবিত কাম কৰি আছে৷ ভাৰতীয় মহিলা দলৰ তাৰকা ক্রিকেটাৰ ঝুলন গোস্বামীৰ জীৱনৰ ভেটিত নির্মাণ কৰা হৈছে ছবিখন৷ অনুশীলন আৰু শ্বুটিঙৰ মাজতে সময় উলিয়াই লৈছে দুই তাৰকাই৷ ইয়াৰ মাজতে মুখ ঢ়াকি মুম্বাইৰ ৰাজপথত স্কুটীত উঠি এপাক মাৰিলে তেওঁলোকে৷