মুম্বাইৰ ৱাংখেড়েত আজি শচীন–লাৰাৰ যুঁজ
নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ ক্রিকেটপ্রেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজিৰে পৰা বিশ্বৰ ৫খন দেশৰ ক্রিকেট কিংবদন্তিৰ অংশগ্রহণেৰে ভাৰতত আৰম্ভ হ’ব আনএকাডেমী ৰোড ছেফটী বিশ্ব ছিৰিজ টি–২০ ক্রিকেট প্রতিযোগিতা৷ আজিৰ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত ভাৰতৰত্ন শচীন তেণ্ডুলকাৰে নেতৃত্ব দিব লগা ইণ্ডিয়া লিজেণ্ডছ দলে খেলিব ব্রায়ান লাৰা নেতৃত্বাধীন ৱেষ্ট ইণ্ডিজ লিজেণ্ডছৰ বিৰুদ্ধে৷ ইতিমধ্যে এই মেচৰ সকলো টিকট শেষ হৈছে৷ পুনৰ কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে ৱাংখেড়েৰ উইকেটত বেট হাতত ল’বলৈ সাজু হৈছে মাষ্টাৰ ব্লাষ্টাৰ৷ লাৰা–শচীনৰ এই ৰোমাঞ্চকৰ ক্রিকেট মহাৰণৰ আমেজ ল’বলৈ তথা শচীন শচীন ধ্বনিৰে ষ্টেডিয়াম উত্তাল কৰিবলৈ উত্রাৱল হৈছে শচীন–ভক্ত৷ ভাৰতীয় দলে আজি চি চি আইত অনুশীলন কৰে৷ ২০১১ চনৰ বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলৰ সদস্য তথা প্রতিযোগিতাখনৰ শ্রেষ্ঠ ক্রিকেটাৰৰ সন্মান লাভ কৰা যুৱৰাজ সিঙে কয় – শৰীৰ ভাগৰুৱা যদিও আমি শ্রেষ্ঠত্ব উজাৰি দি খেলিম৷ বিশ্বকাপ দলটোৰ কেইবাজনো সদস্য আমাৰ দলত আছে৷ শচীনে সুন্দৰ অনুশীলন কৰিছে৷ আমাৰ বলিং শক্তিও সুন্দৰ যদিও ফিল্ডিং চিন্তাৰ কাৰণ৷ ইফালে, ৱেষ্ট ইণ্ডিজ দলৰ হৈ খেলিব লগা কার্ল হুপাৰেও অনুশীলন কৰে৷ ‘এয়া ৰোমাঞ্চকৰ হ’ব৷ আমাৰ শৰীৰ বৃদ্ধ যদিও ক্রিকেটেৰে পৰিপূর্ণ৷ আজিৰ মেচখন অতি ৰোমাঞ্চকৰ হ’ব৷’– হুপাৰে কয়৷ ইফালে, লাৰাৰ লগতে চন্দৰপ’লেও অনুশীলনত ভাগ লয়৷ উল্লেখ্য যে ভাৰতীয় নাগৰিকৰ মাজত পথ সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ বাবে আয়োজিত আনএকাডেমী ৰোড ছেফটী বিশ্ব ছিৰিজক উচ্চ প্রশংসা কৰে যুৱৰাজ সিঙে৷ উল্লেখ্য যে ভাৰতৰ লগতে মহাতাৰকাৰ সমাৱেশ ঘটা এই প্রতিযোগিতাত অংশগ্রহণ কৰিব অষ্ট্রেলিয়া, দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ আৰু শ্রীলংকাই৷