নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোবাইল ফোনেৰে তৈয়াৰী নিজৰ প্ৰতিকৃতি দেখি অভিভূত বিৰাট, ৰাহুলক দিলে অটোগ্ৰাফ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ শ্রীলংকাৰ বিপক্ষে তিনিখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ প্রথমখন টি-২০ আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব । এই মেচৰ পূৰ্বে অসমৰ যুৱক ৰাহুল পাৰেকে পুৰণা মোবাইলেৰে অধিনায়ক কোহলিৰ এক প্ৰতিকৃতি নিৰ্মাণ কৰি উপহাৰ দিয়ে ।

ইপিনে কেপ্তেইন কোহলিয়ে এই উপহাৰটোৰ উচ্চ প্ৰশংসা কৰি ৰাহুলক ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁক অটোগ্ৰাফ প্ৰদান কৰে ।

ভাৰতৰ ক্রিকেট বোর্ড (বিচিচিআই) কোহলি আৰু তেওঁৰ অনুৰাগী ৰাহুলৰ মাজত হোৱা কথোপকথনৰ এক ভিডিঅ’ টুইট যোগে প্ৰকাশ কৰিছে ।

উল্লেখ্য যে ৰাহুল পাৰেক নামৰ যুৱকজনে এই প্ৰতিকৃতিটো পুৰণা মোবাইল ফোন আৰু তাঁৰৰ দ্বাৰা নিৰ্মাণ কৰি উলিয়াইছে । লগতে এই কাৰ্য সম্পাদন কৰোতে তেওঁক মাত্ৰ তিনি দিন সময়ৰ প্ৰয়োজন হৈছিল বুলি মন্তব্য কৰে ।

You might also like