নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘা কৰি ভাৰতীয় ক্ৰিকেট দলৰ সদস্যই ভৰিলে জৰিমনা

নিয়মীয়া বাৰ্তা ১০এপ্ৰিলঃ সমগ্ৰ দেশতে এতিয়া লকডাউন। লকডাউন উলংঘা কৰা সকলৰ প্ৰতি কঠোৰ হৈছে চৰকাৰ। কিছু অঞ্চলত যদি লকডাউন উলংঘা কৰা সকলৰ ওপৰত গোচৰ ৰুজু হৈছে আকৌ কিছু অঞ্চলত জৰিমনা বিহা হৈছে। এনেদৰে লকডাউন উলংঘা কৰি
জৰিমনাৰ সন্মুখীন হ’ল ভাৰতীয় ক্ৰিকেট দল হৈ অংশ গ্ৰহণ কৰা এজন খেলুৱৈ। খেলুৱৈজন ঋষি ধৱন। ধৱনে বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ মণ্ডী চহৰত কাৰ্ফিউ ভংগ কৰি জৰিমনা ভৰিব লগা হৈছে। উল্লেখ্য যে ধৱনে আৰক্ষীৰ বিনা অনুমতিত গাড়ী চলোৱা বাবে জৰিমনা
ভৰিছে। হিমাচল প্ৰদেশৰ আৰক্ষী সূত্ৰত প্ৰকাশ যে ধৱনে জৰিমনাৰ মূল্য ৫০০ টকা ইতিমধ্যে জমা দিছে। লগতে আৰক্ষীয়ে ধৱনক সকীয়াই দিয়ে যে  অনাগত দিনত যাতে এনে ধৰণৰ কাম আৰু নকৰে।

You might also like