নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীর্ষ স্থানৰ লক্ষ্যৰে আজি নর্থ–ইষ্টৰ যুঁজ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ আই এছ এলৰ পইণ্ট তালিকাৰ শীর্ষস্থানত উপনীত হোৱাৰ লক্ষ্যৰে আজি সমুখ সমৰত নামিব নর্থ–ইষ্ট ইউনাইটেড এফ চি আৰু জামছেদপুৰ এফ চি৷ জামছেদপুৰৰ জে আৰ ডি টাটা ক্রীড়া প্রকল্পৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত জয়লাভ কৰা দলটো তালিকাৰ শীর্ষলৈ উন্নীত হ’ব৷ উল্লেখ্য যে চলিত আই এছ এলত জামছেদপুৰে সম্প্রতি ১০ পইণ্টেৰে তৃতীয়ত থকাৰ বিপৰীতে নর্থ–ইষ্ট ইউনাইটেডে ৯ পইণ্ট অর্জন কৰি চতুর্থ স্থান অধিকাৰ কৰি আছে৷ কিন্তু সবাতোকৈ গুৰুত্বপূর্ণ দিশটো হ’ল যে নর্থ–ইষ্ট লীগৰ প্রথম পাঁচখন মেচত এতিয়া অপৰাজিত হৈ আছে৷ গুৱাহাটীত খেলা অন্তিমখন মেচত ঘৰুৱা দলটোৱে মুম্বাই চিটীৰ সৈতে ২–২ গ’লত ড্র খেলিছিল৷ এই পর্যন্ত তিনিখনত ড্র আৰু দুখনত জয়ৰ মুখ দেখা দলটোৱে অৱশ্যে জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পৰা নাই৷ এয়াই হৈছে নর্থ–ইষ্ট ইউনাটেউ এফ চিৰ প্রধান দুর্বলতা৷ কাইলৈ দলটোৱে এই দুর্বলতা আঁতৰ কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ ইফালে, অন্তিম মেচত এফ চি গোৱাক ঘৰৰ মাটিত হৰুৱাই গৃহভূমিলৈ অহা জামছেদপুৰ এফ চিৰ আত্মবিশ্বাস সম্প্রতি তুংগত আছে৷ কাইলৈ দলটোৱে ঘৰুৱা দর্শকৰ সন্মুখত জয়েৰে পইণ্ট তালিকাৰ শীর্ষলৈ উন্নীত হোৱাৰ সংকল্প লৈছে৷

You might also like