নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেমিল্টনত আজি ভাৰত–নিউজিলেণ্ডৰ প্রথম এদিনীয়া

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ মাটিত টি–২০ শৃংখলাত দুর্দান্ত প্রদর্শনেৰে ঐতিহাসিক হোৱাইটৱাছ সম্পূর্ণ কৰাৰ পিছত এইবাৰ এদিনীয়া শৃংখলাৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া৷ আজি হেমিল্টনত দলটোৱে খেলিছে শৃংখলাৰ প্রথমখন মেচ৷

তাৰকা অ’পেনাৰ ৰোহিত শর্মা আৰু শিখৰ ধাৱন অবিহনে খেলিবলগীয়া এই শৃংখলাটো ভাৰতীয় যুৱ খেলুৱৈসকলৰ বাবে প্রতিভা প্রদর্শনৰ সুৱর্ণ সুযোগ হিচাপে চিহ্ণিত হৈছে৷ বিশেষকৈ দুই উদীয়মান তাৰকা পৃথ্বি শ্ব আৰু মায়ংক আগৰৱালৰ বাবে এদিনীয়া শৃংখলাটো স্মৰণীয় হৈ ৰ’ব৷

বাতৰি লিখা পৰলৈকে ১৬ অভাৰত ভাৰতীয় দলটোৱে ২ টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্ৰহ কৰিছে ।

You might also like