নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ বছৰৰ পিছত পাকিস্তান ভ্রমণ কৰিব ইংলেণ্ডে

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ আই চি চি টি–২০ বিশ্বকাপৰ বাবে ইউনাইটেড আৰব এমিৰেটছলৈ উৰা মৰাৰ পূর্বে পাকিস্তান ভ্রমণলৈ আহিব ইংলেণ্ড দল৷ ইয়ন মর্গান নেতৃত্বাধীন দলটোৱে পাকিস্তানৰ বিৰুদ্ধে ৰাৱালপিণ্ডিত অহা ১৩ আৰু ১৪ অক্টোবৰত দুখন টি–২০ মেচ খেলিব৷ ইয়াৰ পিছতে ইংলেণ্ড দলটো ৰাৱালপিণ্ডিৰ পৰা বিশ্বকাপৰ বাবে ডুবাইলৈ ৰাওনা হ’ব৷

উল্লেখ্য যে ২০০৫ৰ পিছত ইংলেণ্ড প্রথমবাৰৰ বাবে পাকিস্তান ভ্রমণলৈ আহিব৷ ১৬ বছৰৰ অপেক্ষাৰ অন্তত পাকিস্তান ভ্রমণলৈ অহা ইংলেণ্ডৰ পুৰুষ দলটোৰ সৈতে মহিলা দলটোও পাকিস্তানলৈ আহিব৷ মহিলা দলটোৱে পাকিস্তানৰ বিৰুদ্ধে ২খন টি–২০ আৰু তিনিখন এদিনীয়া মেচৰ শৃংখলা খেলিব৷

উল্লেখ্য যে ২০০৯ত লাহোৰত শ্রীলংকা ক্রিকেট দলৰ ওপৰত সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণৰ পিছৰে পৰা দীর্ঘদিন ধৰি পাকিস্তান ভ্রমণৰ পৰা আঁতৰি আছিল বিশ্বৰ বিভিন্ন দেশ৷ কিন্তু শেহতীয়াকৈ দেশখনৰ পৰিস্থিতি কিছু সুস্থিৰ হোৱাত জিম্বাব’ৱে, শ্রীলংকা, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাৰ দৰে দেশে পাকিস্তান ভ্রমণলৈ আহিছে৷

You might also like