১৮ আগষ্টৰ পৰা মটেৰাত টীম ইণ্ডিয়াৰ অনুশীলন শিবিৰ
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আৰম্ভ হোৱাৰ পূর্বে স্বদেশতে অনুশীলন কৰিব ভাৰতীয় ক্রিকেট দলটোৱে৷ আহমেদাবাদত নির্মিত বিশ্বৰ সবাতোকৈ বৃহৎ ক্রিকেট ষ্টেডিয়াম মটেৰাত ভাৰতীয় দলটোৰ অহা ১৮ আগষ্টৰ পৰা অনুশীলন শিবিৰ আৰম্ভ হ’ব৷ এই শিবিৰটো ৪ ছেপ্ঢেম্বৰলৈকে চলিব৷ ১৪ আগষ্টৰ পৰা ৪ ছেপ্ঢেম্বৰলৈকে চলিবলগীয়া অনুশীলন শিবিৰটোত ২৬জন ক্রিকেটাৰসহিতে ছাপ’ট ষ্টাফৰ ১৮গৰাকী সদস্যই অংশগ্রহণ কৰিব৷
অৱশ্যে টীম ইণ্ডিয়াৰ এই অনুশীলনৰ সময়ত ষ্টেডিয়ামত কোনো অনুৰাগী উপস্থিত থাকিব নোৱাৰিব৷ অৱশ্যে এই সন্দর্ভত বি চি চি আয়ে এতিয়ালৈকে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই যদিও মটেৰাতে ভাৰতীয় দলটোৰ অনুশীলন শিবিৰ আয়োজন হোৱাটো একপ্রকাৰ খাটাং বুলি সংবাদ প্রতিষ্ঠানৰ সূত্রত সদৰী৷ ইপিনে, ভাৰতীয় দলটোৰ এই অনুশীলন শিবিৰটোৰ বাবে গুজৰাট ক্রিকেট এছ’চিয়েচনে সকলোধৰণৰ প্রস্তুতি আৰম্ভ কৰা বুলিও উল্লেখ কৰি সংবাদ পত্রখনত সদৰী৷ গুজৰাট ক্রিকেট এছ’চিয়েচনে ২৬জন ক্রিকেটাৰ আৰু ১৮জন ছাপ’ট ষ্টাফ থকাৰ ব্যৱস্থা ইতিমধ্যে সাজু কৰি তুলিছে৷