নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এল আয়োজনক লৈ এমিৰেটছ ক্রিকেট ব’ডলৈ পত্র বিচিচিআইৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো সংযুক্ত আৰব আমীৰ শ্বাহীত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইতিমধ্যে বি চি চি আয়ে ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখনৰ তাৰিখো নির্ধাৰণ কৰিছে৷ প্রতিযোগিতাখন সংযুক্ত আৰব আমিৰ শ্বাহীত আয়োজন কৰাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এমিৰেটছ ক্রিকেট ব’ডলৈ আজি আনুষ্ঠানিকভাৱে এখন পত্রও প্রেৰণ কৰিছে৷ এমিৰেটছ ক্রিকেট ব’ডৰ মহা সচিব মোৱাচিৰ ওচমানিয়ে সংবাদ প্রতিষ্ঠানৰ আগত কয় যে বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো ইউ এ ইত আয়োজন কৰাৰ বাবে ব’র্ডে আজি আমালৈ এখন আনুষ্ঠানিক পত্র প্রেৰণ কৰিছে৷ এতিয়া আমি ভাৰত চৰকাৰৰ সিদ্ধান্তক লৈ অপেক্ষা কৰি আছোঁ৷ ভাৰত চৰকাৰে আই পি এলখন আমাৰ ইয়াত আয়োজন কৰাৰ বাবে অনুমতি দিলেই আমি সকলো প্রস্তুতি আৰম্ভ কৰিব পাৰিম৷ এতিয়া আমি বি চি চি আইৰ সৈতে লগ লাগি আই পি এলখন কি ধৰণে আয়োজন কৰিব পাৰো তাৰ সন্দর্ভত আলোচনা কৰিম৷ ভাৰত চৰকাৰৰ পৰা অচিৰেই সেউজ সংকেত লাভ কৰিব বুলি উল্লেখ কৰি এমিৰেটছ ক্রিকেট ব’ডৰ মহাসচিবগৰাকীয়ে লগতে কয় যে আই পি এলৰ ত্রয়োদশ সংস্কৰণটো আয়োজন কৰাৰ পূর্বে আমাক অতি কমেও তিনি–চাৰি সপ্তাহৰ প্রয়োজন হ’ব৷ ইপিনে, আই পি এলখনৰ সূচীক লৈ আই পি এলৰ গৱর্নিং কাউন্সিলে এই সপ্তাহতে এক বৈঠকত মিলিত হ’ব৷ এই বৈঠকখনত আই পি এলৰ সূচীৰ লগতে সময়ো নির্ধাৰণ হ’ব৷ মন কৰিবলগীয়া যে বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতাখন এইবাৰ ইউ এ ইৰ তিনিখন ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ১৯ ছেপ্ঢেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ চলিবলগীয়া প্রতিযোগিতাখনৰ মেচসমূহ ডুবাই, আবু ধাবি আৰু শ্বাৰজাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক৷

You might also like