নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটঃ পাকিস্তানক ১০ উইকেটত বিধ্বস্ত কৰি ফাইনেলত ভাৰত

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ আই চি চি বিশ্বকাপ ক্রিকেটৰ ইতিহাসত ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ ধাৰা অব্যাহত আছে চিৰবৈৰী পাকিস্তানৰ৷ দক্ষিণ আফ্রিকাত চলি থকা আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ মঙলবাৰে অনুষ্ঠিত প্রথমখন ছেমিফাইনেল মেচতো ভাৰতৰ ওচৰত আত্মসমর্পণ কৰে পাকিস্তানে৷ মেচখনত ভাৰতীয় দলটোৱে পাকিস্তানক ১০ উইকেটত বিধ্বস্ত কৰি ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰে৷

পাক বাহিনীয়ে মেচখনত জয়ৰ বাবে বান্ধি দিয়া ১৭৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰদ্বয় যশস্বী জয়ছোৱালৰ দুর্দান্ত অপৰাজিত শতক আৰু দিব্যাংশ ছাক্সেনাৰ অপৰাজিত ৫৯ ৰানৰ সহায়ত ভাৰতীয় দলটোৱে ৩৫.২ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ বিজয়ৰ লক্ষ্যত উপনীত হয়৷ জয়ছোৱালে ১১৩টা বলত ৮টা চাৰি আৰু চাৰিটা ছয়েৰে ১০৫ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷

ইফালে, দিব্যাংশৰ ৯৯টা বলৰ ইনিংছটোত আছিল ৬টাকৈ বাউণ্ডেৰী৷ মন কৰিবলগীয়া যে জয়ছোৱাল আৰু দিব্যাংশে মাৰমুখী বেটিঙেৰে পাকিস্তানৰ আটাইকেইগৰাকী বলাৰক নির্দয়ভাৱে প্রহাৰ কৰিছিল৷ ইয়াৰ পূর্বে টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি সুশান্ত মিশ্রৰ লগতে কার্তিক ত্যাগী আৰু ৰবি বিষ্ণৈৰ দর্শনীয় বলিঙৰ সন্মুখত পাকিস্তানে ৪৩.১ অভাৰত ১৭২ ৰান কৰি ইনিংছ সামৰিবলৈ বাধ্য হয়৷ অধিনায়ক ৰহেইল নাজিৰে সর্বাধিক ৬২ ৰান কৰাৰ লগতে অ’পেনাৰ হাইদৰ আলীয়ে ৫৬ আৰু মহম্মদ হেৰিছে ২১ ৰানৰ অৱদান আগবঢ়ায়৷

মন কৰিবলগীয়া যে বাকীসকল বেটছমেনে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ পাকিস্তানে ২৬ ৰানতে ৬টাকৈ উইকেট হেৰুৱাই বিপর্যয়ত পৰিছিল৷ ভাৰতৰ ভ্রহ সুশান্তে তিনিটা, ত্যাগী আৰু বিষ্ণৈই উভয়ে দুটাকৈ উইকেট লাভ কৰে৷

You might also like