নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জুলাইৰ পৰা অনুশীলনত নামিব সিন্ধু

 নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ভাৰতীয় বেডমিণ্টন সন্থাই খেলুৱৈৰ প্রস্তুতি শিবিৰ পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা যুগুত কৰিছে৷ সেই অনুসৰি হায়দৰাবাদত অহা ১ জুলাইৰ পৰা সন্থাৰ তত্ত্বাৱধানত এক ৰাষ্ট্রীয় প্রস্তুতি শিবিৰৰ আয়োজন কৰা হৈছে৷ এই শিবিৰত হায়দৰাবাদৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে অংশ লোৱাৰ কথা আছে৷ অৱশ্যে ইয়াৰ বাবে স্থানীয় চৰকাৰৰ অনুমতিৰ প্রয়োজন হ’ব৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ হ্রাস নোহোৱাৰ পৰিপ্রেক্ষিতত তেলেংগানা চৰকাৰে হায়দৰাবাদত অহা ৩০ জুন পর্যন্ত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷ ইয়াৰ পাছত পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ লক্ষণ দেখিলে চৰকাৰে ১ জুলাইৰ পৰা বেডমিণ্টৰ প্রস্তুতি শিবিৰ পুনৰ আৰম্ভ কৰাৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে মহামাৰীৰ বাবে যোৱা মার্চ মাহৰ পৰা ভাৰতীয় শ্বাটলাৰসকলে নিয়মীয়া অনুশীলনত ভাগ ল’ব পৰা নাই ৷

You might also like