২০২১ৰ টি–২০ বিশ্বকাপ আয়োজনৰ স্বত্ব হেৰুৱাব ভাৰতে
নিয়মীয়া বাৰ্তা, ২৮ মেঃ ভাৰতে ২০২১ চনৰ আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ আয়োজনৰ স্বত্ব হেৰুওৱাৰ উপক্রম ঘটিছে৷ কৰ পৰিশোধ নকৰাৰ বাবে ভাৰতৰ পৰা বিশ্বকাপখনৰ আয়োজনৰ স্বত্ব কাঢ়ি নিব বুলি বিচিচিআইক সকীয়াই দিলে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আই চি চিয়ে৷ মন কৰিবলগীয়া যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ২০২১ চনৰ টি–২০ বিশ্বকাপখনৰ আয়োজনৰ বাবে দিবলগীয়া কৰ এতিয়ালৈকে আইচিচিক পৰিশোধ কৰা নাই৷ ফলত বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে সৌৰভ গাংগুলী নেতৃত্বাধীন বিচিচিআইক ইতিমধ্যে ই–মেইল প্রেৰণ কৰিছে৷ ই–মেইলখনত এইবুলিও উল্লেখ কৰিছে যে ভাৰতৰ পৰা বিশ্বকাপখনৰ আয়োজনৰ স্বত্ব কাঢ়ি নিয়াও হ’ব পাৰে৷ বিশ্বকাপখন আয়োজন কৰাৰ সূত্রে কৰ পৰিশোধৰ বাবে বিচিচিআইক ১৮ মে’ৰ অন্তিম সময়সীমা দিছিল আইচিচিয়ে৷ কিন্তু বিচিচিআয়ে এই সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছে৷ যদি ভাৰতে টি–২০ বিশ্বকাপখন আয়োজন কৰাত ব্যর্থ হয় তেতিয়াহ’লে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে ১০০ মিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হ’ব