নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ জুনৰ পৰা অষ্ট্রেলিয়াত আৰম্ভ হ’ব ক্লাব ক্রিকেট

নিয়মীয়া বাৰ্তা, ১৮ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বত সংকট সৃষ্টি কৰাৰ পিছত অষ্ট্রেলিয়াই প্রথমবাৰৰ বাবে প্রতিযোগিতামূলক ক্রিকেট আৰম্ভ কৰিবলৈ সাজু হৈছে৷ অষ্ট্রেলিয়া ক্রিকেট ব’ডৰ এক সূত্রই আজি সদৰী কৰা অনুসৰি অহা ৬ জুনৰ পৰা ডাৰৱিনত জিলা ক্রিকেট প্রতিযোগিতা আৰম্ভ হ’ব৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা আঁতৰি থাক্বিলৈ প্রতিগৰাকী খেলুৱৈ তথা বিষয়ববীয়াই খেলৰ সময়ছোৱাত সামাজিক দূৰত্ব বর্তাই ৰখাৰ লগতে আন বিভিন্ন প্রতিৰোধমূলক ব্যৱস্থা পালন কৰিব৷ সামাজিক দূৰত্বৰ সকলো নিয়ম পালন কৰিব বুলি ডাৰৱিন জিলা ক্রিকেট সন্থাই স্থানীয় প্রশাসন আৰু ক্রিকেট ব’ডক লিখিত প্রতিশ্রুতি দিয়াৰ পিছত অহা ৬ জুনৰ পৰা ক্লাব পর্যায়ৰ প্রতিযোগিতাখন আয়োজনৰ অনুমতি দিয়া হৈছে৷

ডাৰৱিন ক্রিকেট মেনেজমেণ্টৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি প্রতিযোগিতাখনত খেলুৱৈসকলে বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে থু অথবা ঘামৰ ব্যৱহাৰৰ পৰা বিৰত থাক্বি৷ ইয়াৰ পৰিৱর্তে মমৰ এটি বিশেষ টুকুৰা ব্যৱহাৰ কৰা হ’ব৷ মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বত স্বাস্থ্যজনিত সংকটৰ সৃষ্টি কৰাৰ পিছত ক্রিকেটৰ ৰূপৰেখা যথেষ্টখিনি সলনি হ’ব বুলি বিশ্লেষকসকলে মতপোষণ কৰিছে৷ বিশেষকৈ বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে থু অথবা ঘামৰ পৰিৱর্তে আই চি চিয়ে আন উপকৰণৰ ব্যৱহাৰৰ অনুমতি দিয়াৰ সম্ভাৱনা স্পষ্ট হৈছে৷ একেদৰে খেলুৱৈয়ে খেলপথাৰত আনন্দ প্রকাশৰ বাবে কৰমর্দন অথবা সাবটি ধৰা দৃশ্য হয়তো অনাগত দিনত দেখিবলৈ পোৱা নাযাব৷

You might also like