নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ বলত ৫ উইকেট দখলেৰে টি–২০ত বিশ্ব অভিলেখ অভিমন্যু মিথুনৰ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ চাঞ্চল্যকৰ বলিঙেৰে টি–২০ ক্রিকেটত নতুন বিশ্ব অভিলেখৰ গৰাকী হৈছে কর্ণাটকৰ অভিজ্ঞ বেগী বলাৰ অভিমন্যু মিথুন৷ দেশৰ আগশাৰীৰ ঘৰুৱা টি–২০ ক্রিকেট প্রতিযোগিতা চৈয়দ মুস্তাক আলী ট্রফীৰ প্রথমখন ছেমিফাইনেলত শুকুৰবাৰে হাৰিয়ানাৰ বিৰুদ্ধে মিথুনে হেটট্রিকসহ এক অভাৰত পাঁচটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে এটা অভাৰত পাঁচটা উইকেট দখল কৰা মিথুন হ’ল টি–২০ ক্রিকেট ইতিহাসৰ প্রথমগৰাকী বলাৰ৷ ইয়াৰ পূর্বে শ্রীলংকাৰ তাৰকা বেগী বলাৰ লাছিথ মালিংগাই এক অভাৰত একেৰাহে চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ যোৱা মাহত বিজয় হাজাৰে ট্রফীৰ ফাইনেলত তামিলনাডুৰ বিৰুদ্ধে হেটট্রিকসহ পাঁচটা উইকেট দখল কৰা অভিমন্যু মিথুনে শুকুৰবাৰে মেচখনৰ অন্তিম অভাৰত হাৰিয়ানাৰ হিমাংশু ৰাণা, ৰাহুল টেৱাটিয়া, সুমিত কুমাৰ, অমিত মিশ্র আৰু জয়ন্ত যাদৱক পেভিলিয়নৰ বাট দেখুৱায়৷ একেৰাহে চাৰিটা উইকেট দখলৰ পিছত তেওঁ পঞ্চমটো বলত উইকেট লাভ কৰিব নোৱাৰিলে৷ অন্তিম বলত মিথুনে পুনৰ এটা উইকেট পায়৷

ইফালে, তাৰকাসমৃদ্ধ কর্ণাটকে চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হৈছে৷  শুকুৰবাৰে অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত দলটোৱে হাৰিয়ানাক আঠ উইকেটত পৰাস্ত কৰে৷ ১৯৫ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ কর্ণাটকে ১৫ অভাৰতে মাত্র দুটা উইকেট হেৰুৱাই জয় সাব্যস্ত কৰে৷ কর্ণাটকৰ এই চমকপ্রদ জয়ৰ মূলতেই আছিল দুই অ’পেনাৰ দেৱদূত পাৰিকাল আৰু লোকেশ ৰাহুলৰ বিস্ফোৰক আৰম্ভণি৷ তেওঁলোকে প্রাৰম্ভিক যুটিত ১২৫ ৰান সংগ্রহ কৰি কর্ণাটকৰ জয়ৰ ভেটি গঢ়ে৷ পাৰিকালে মাত্র ৪২ বলত ১১টা বাউণ্ডেৰী আৰু চাৰিটা অভাৰ বাউণ্ডেৰীৰে ৮৭ ৰানৰ অনবদ্য বৰঙণি আগবঢ়ায়৷ ৰাহুলে ৩১ বলত চাৰিটা বাউণ্ডেৰী আৰু ৬টা অভাৰ বাউণ্ডেৰীৰে ৬৬ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ মায়ংক আগৰৱালে ১৪ বলত তিনিটা ছিক্সাৰৰ সহায়ত ৩০ ৰানত অপৰাজিত হৈ ৰয়৷ ইয়াৰ পূর্বে হাৰিয়ানাই নির্ধাৰিত ২০ অভাৰত আঠ উইকেটৰ বিনিময়ত ১৯৪ ৰান সংগ্রহ কৰে৷

You might also like