৭ বছৰ জে’ল হ’ব কিংবদন্তি টেনিছ খেলুৱৈ বেকাৰৰ!
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ৭ বছৰৰ কাৰাবাস হ’ব পাৰে কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰৰ৷ লণ্ডনৰ ছাউথৱর্ক ক্রাউন আদালতে বেংক প্রতাৰণা গোচৰত দোষী সাব্যস্ত কৰিছে প্রাক্তন খেলুৱৈগৰাকীক৷ ২০১৭ চনত নিজকে দেউলীয়া ঘোষণা কৰিলেও তিনিবাৰৰ উইম্বলডন চেম্পিয়নগৰাকীৰ বিৰুদ্ধে বিপুল সম্পত্তি গোপন কৰাৰ অভিযোগ প্রমাণিত হৈছে আদালতত৷ অহা ২৯ এপ্রিলত ন্যায়ালয়ে তেওঁৰ শাস্তি ঘোষণা কৰিব৷ ৫৪ বছৰীয়া জার্মান খেলুৱৈগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল যে তেওঁ ৩.৫০ লক্ষ পাউণ্ড পত্নীৰ একাউণ্টলৈ পঠিয়াই তাক গোপন কৰিছিল৷ তদুপৰি নিজকে দেউলীয়া ঘোষণা কৰাৰ সময়ত উইম্বলডন ট্রফী, জার্মানীত থকা একাধিক স্থাৱৰ সম্পত্তি আৰু লণ্ডনত থকা এটা ফ্লেটৰ তথ্যও গোপনে ৰাখিছিল বেকাৰে৷ স্পেইনৰ মায়ুৰকাটত এটি সম্পত্তি কিনাৰ নামত তেওঁ তিনি লক্ষ পাউণ্ডৰ অধিক বেংকৰ ঋণ গ্রহণ কৰিছিল৷ কিন্তু ঋণৰ কিস্তি পৰিশোধ নকৰি নিজকে দেউলীয়া ঘোষণা কৰে বিশ্বৰ প্রাক্তন ১নং স্থানৰ খেলুৱৈগৰাকীয়ে৷ তেওঁ উইম্বলডনৰ দুটাকৈ ট্রফী হেৰোৱা বুলি আদালতক তথ্য দিয়ে৷ পিছত দেখা যায় যে বেকাৰে বিভিন্ন অনলাইন সংস্থাৰ পৰা দামী কাপোৰসহ বিভিন্ন বস্তু ক্রয় কৰিছে৷ তদন্তত এই কথাও পোহৰলৈ আহে যে দুই প্রাক্তন পত্নী বাৰবাৰা আৰু লিলিসহ মুঠ ৯জনৰ একাউণ্টলৈ ৩.৫০ লাখৰো বেছি পাউণ্ড পঠিয়াইছিল৷ জার্মানীত থকা এটি বিলাসবহুল প্রাসাদ আৰু এটি বহুজাতিক সংস্থাৰ ৭৫ হাজাৰ শ্বেয়াৰৰ কথাও তেওঁ গোপনে ৰাখিছিল৷ জার্মানীত এখন বিলাসবহুল গাড়ীৰ দোকানো আছিল খেলুৱৈগৰাকীৰ৷ পিছত ৯ লাখ পাউণ্ডত সেই দোকানখন বিক্রী কৰাৰ কথা জনোৱা নাছিল প্রাক্তন টেনিছ তাৰকা বেকাৰে৷ উল্লেখ্য যে তেওঁৰ বিৰুদ্ধে বেংক প্রতাৰণাসহ মুঠ ২৩টা অভিযোগ উত্থাপিত হৈছিল৷ তদন্তৰ সময়ত পোহৰলৈ অহা সকলো তথ্য প্রমাণ আছিল সম্প্রতি লণ্ডনত বাস কৰা বেকাৰৰ বিৰুদ্ধে৷