নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ উইকেটত জয়লাভ ৱেষ্ট ইণ্ডিজৰ

 নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ আফগানিস্তানৰ বিৰুদ্ধে একমাত্র টেষ্টত প্রত্যাশিত বিজয় সাব্যস্ত কৰিছে ৱেষ্ট ইণ্ডিজে ৷ লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ  তৃতীয় দিনা ৱেষ্ট ইণ্ডিজে আফগানিস্তানক ৯ উইকেটত পৰাস্ত কৰে৷ মাত্র ৩১ ৰানৰ লক্ষ্যৰ পিছ লৈ কেৰিবিয়ান দলটোৱে ৬.২ অভাৰত মাত্র এটা উইকেট হেৰুৱাই জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ অ’পেনাৰ কেম্পবেলে ১৯ আৰু ছাই হ’পে ৬ ৰানত অপৰাজিত হৈ ৰয়৷ ব্রাথৱেটে ৮ ৰানত আউট হয়৷ ইয়াৰ পূর্বে আফগানিস্তানে কালিৰ ১০৯/৭ৰ পৰা খেলিবলৈ আৰম্ভ কৰি আজি ১২০ ৰানতে দ্বিতীয় ইনিংছ সামৰে৷ দলটোৰ হৈ অ’পেনাৰ জাভেদ আহমেদীয়ে ৬২ ৰান কৰাৰ বিপৰীতে আন কোনো এগৰাকী বেটছমেন সফল নহ’ল৷ উল্লেখ্য যে ভাৰতৰ লক্ষ্ণৌ ষ্টেডিয়ামক আফগানিস্তানে ঘৰুৱা গ্রাউণ্ড হিচাপে ব্যৱহাৰ কৰি আহিছে৷

You might also like