নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জি ট্রফীত আজিৰে পৰা অসম–উত্তৰাখণ্ডৰ মেচ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ চলিত ৰঞ্জি ছিজনত প্রত্যাশিত প্রদর্শন দাঙি ধৰিব নোৱাৰা অসমে আজিৰে পৰা ঝাৰখণ্ডৰ বিৰুদ্ধে চতুর্থখন মেচ খেলিব৷ ডেৰাডুনৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত অসমে প্রদর্শনৰ মান উন্নত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

বিশেষকৈ পূর্বৰ তিনিওখন মেচত ব্যর্থ হোৱা অসমৰ বেটিং বিভাগৰ পৰা দীঘলীয়া ইনিংছ আশা কৰিছে দলীয় মেনেজমেণ্টে৷ উল্লেখ্য যে চলিত ৰঞ্জি ছিজনৰ প্রথমখন মেচত অসমে ছার্ভিচেছৰ বিৰুদ্ধে ড্র খেলাৰ বিপৰীতে ঝাৰখণ্ডৰ হাতত ইনিংছৰ ব্যৱধানত বিধ্বস্ত হয়৷ শেহতীয়াকৈ জম্মু–কাশ্মীৰৰ বিৰুদ্ধে খেলা মেচখনৰ অধিকাংশ সময় কম পোহৰৰ বাবে খেল নোহোৱাত অসমে প্রথম ইনিংছ সমাপ্ত কৰিব নোৱাৰিলে৷ অৱশ্যে অধিনায়ক গকুল শর্মা আৰু অ’পেনাৰ ৰাহুল হাজৰিকাই জম্মু–কাশ্মীৰৰ বিৰুদ্ধে দৃঢ়তাৰে বেটিং কৰি অসম দলক কিছু পৰিমাণে আত্মবিশ্বাসী কৰি তুলিছে৷

আজিৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনত গকুল–ৰাহুলৰ লগতে শিৱশংকৰ ৰয়, ৰিয়ান পৰাগ আৰু কুনাল শইকীয়াই উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ উল্লেখ্য যে অসমে শেহতীয়াকৈ বিজয় হাজাৰে এদিনীয়াত উত্তৰাখণ্ডৰ হাতত পৰাস্ত হৈছিল৷

You might also like