নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকোটত প্ৰত্যাৱৰ্তনৰ লক্ষ্য টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ কাইলৈ ৰাজকোটত অনুষ্ঠিত হ’ব৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হৈ যোৱা শৃংখলাটোৰ প্রথমখন মেচত ১০ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত হৈ চাপত থকা ঘৰুৱা দল ভাৰতে কাইলৈৰ মেচখনত জয়লাভ কৰি শৃংখলাটোত প্রত্যাৱর্তনৰ লক্ষ্য লৈছে৷ প্রথমখন মেচত অষ্ট্রেলিয়া দলটোৰ বলিং, বেটিঙত দিশহাৰা হৈ পৰা টীম ইণ্ডিয়াই কাইলৈৰ মেচখনত উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আশা ব্যক্ত কৰি দলটোৰ অধিনায়ক কোহলিয়ে কয় যে কাইলৈৰ মেচখন আমাৰ বাবে অতি গুৰুত্বপূর্ণ৷ মেচখনত হৰা মানে শৃংখলাটো অষ্ট্রেলিয়াই দখল কৰাটো নিশ্চিত হৈ পৰিব৷ মুম্বাইত হৈ যোৱা এদিনীয়া মেচখনত বিজয় সাব্যস্ত কৰি কেংগেৰু বাহিনীৰ আত্মবিশ্বাস তুংগত আছে বুলি উল্লেখ কৰি কোহলিয়ে লগতে কয় যে কাইলৈৰ মেচখনত তেওঁ তৃতীয় স্থানত বেটিং কৰিব৷ ৰোহিত শর্মা আৰু শিখৰ ধাৱনৰ পৰা সুন্দৰ আৰম্ভণিৰ আশা কৰিছে কোহলিয়ে৷ ইফালে, বলিং বিভাগক লৈ কিছু পৰিমাণে চিন্তিত হৈছে অধিনায়ক কোহলি৷ কিয়নো প্রথমখন মেচত কোনো এজন ভাৰতীয় বলাৰে অষ্ট্রেলিয়াৰ ৱার্নাৰ আৰু ফিনছক চাপত ৰাখিব পৰা নাছিল৷ মেচখনত ৱার্নাৰ আৰু ফিনছে শতকীয় ইনিংছ খেলিছিল আৰু দলটোৱে ১০ উইকেটত জয়লাভ কৰিছিল৷

You might also like