ৰেংকিঙৰ সিংহাসন হেৰুৱালে বুমৰাহে
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ আশংকা অনুসৰিয়ে আই চি চি এদিনীয়া ৰেংকিঙৰ শীর্ষস্থান হেৰুৱালে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে৷ বিগত চাৰিখন এদিনীয়াত উইকেটবিহীন হৈ ৰোৱা বুমৰাহে বুধবাৰে ঘোষিত এদিনীয়া ৰেংকিঙৰ দ্বিতীয় স্থানলৈ অৱনমিত হৈছে৷
নিউজিলেণ্ডৰ অভিজ্ঞ বেগী বলাৰ ট্রেণ্ট ব’ল্টে বুমৰাহক চেৰ পেলাই শীর্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে আঘাতৰ বাবে বিগত বর্ষত প্রায় ছমাহ খেলপথাৰৰ পৰা আঁতৰি থকা ভাৰতীয় তাৰকাগৰাকীয়ে যোৱা মাহত আন্তঃৰাষ্ট্রীয় ক্রিকেটলৈ প্রত্যাৱর্তন ঘটাইছিল৷ শ্রীলংকাৰ বিৰুদ্ধে টি–২০ শৃংখলাৰ জৰিয়তে প্রত্যাৱর্তন ঘটোৱা বেগী বলাৰগৰাকীক কিন্তু এতিয়াও পূর্বৰ ছন্দত দেখিবলৈ পোৱা নাই৷ শেহতীয়াকৈ খেলা চাৰিখন এদিনীয়া মেচত তেওঁ এটাও উইকেট দখল কৰিবলৈ সক্ষম হোৱা নাই৷ নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে হোৱাইট ৱাছৰ সন্মুখীন হোৱা এদিনীয়া শৃংখলাটোত বুমৰাহৰ অপ্রত্যাশিত ব্যর্থতাই বিৰাট কোহলি বাহিনীক বিপদত পেলায়৷ উল্লেখ্য যে ইয়াৰ পূর্বে বুমৰাহে কেতিয়াও দুখন বা ততোধিক এদিনীয়াত উইকেটবিহীন হৈ থকা নাছিল৷ কিন্তু যোৱা তিনিখন মেচত ৩০ অভাৰ বল কৰি তেওঁ ১৬৩ ৰান ব্যয় কৰে আৰু এটাও উইকেট দখল কৰিবলৈ সক্ষম নহ’ল৷ এদিনীয়া ক্রিকেটত ভাৰতীয় বেগী বলাৰগৰাকীৰ এই ব্যর্থতাৰ পিছত ৰেংকিঙৰ শীর্ষস্থানৰ পৰা বুমৰাহ আঁতৰ হোৱাটো একপ্রকাৰ নিশ্চিত আছিল৷ বুমৰাহৰ পিছতে ৰেংকিঙত স্থান পাইছে ক্রমে আফগানিস্তানৰ মুজিবুৰ ৰহমান, দক্ষিণ আফ্রিকাৰ কাগিছ’ ৰাবাডা আৰু অষ্ট্রেলিয়াৰ পেট কামিনছে৷
ইফালে, আই চি চিয়ে ঘোষণা কৰা এদিনীয়া ৰেংকিঙৰ বেটিঙৰ তালিকাত শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোত তাৰকাগৰাকীয়ে মাত্র ৭৫ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয় যদিও ৰেংকিঙত ইয়াৰ প্রভাৱ পৰিলক্ষিত নহ’ল৷ আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাই দ্বিতীয় স্থান অধিকাৰ কৰি আছে৷ ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত নিউজিলেণ্ডৰ ঐতিহাসিক জয়ত মুখ্য ভূমিকা গ্রহণ কৰা কিৱি তাৰকা ৰ’ছ টেইলৰে প্রকাশ পোৱা ৰেংকিঙত এটা স্থান আগুৱাইছে৷ সম্প্রতি তেওঁৰ স্থান হ’ল চতুর্থ৷ ৰেংকিঙৰ তৃতীয় স্থানত আছে পাকিস্তানৰ উদীয়মান তাৰকা বাবৰ আজম৷ আনহাতে অলৰাউণ্ডাৰৰ তালিকাত ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই তিনিটা স্থান আগুৱাবলৈ সক্ষম হৈছে৷ এতিয়া তেওঁৰ এদিনীয়া ৰেংকিং হ’ল সপ্তম৷ জাদেজাই নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাৰ দুটা ইনিংছত ৬৩ ৰান সংগ্রহ কৰাৰ লগতে দুটা উইকেট দখল কৰে৷ অলৰাউণ্ডাৰ শাখাত আফগানিস্তানৰ মহম্মদ নবীয়ে আই চি চি এদিনীয়া ৰেংকিঙৰ শীর্ষস্থানত উপনীত হৈছে৷ ইংলেণ্ডৰ তাৰকা বেন ষ্ট’কছক সিংহাসনৰ পৰা ওফৰাই মহম্মদ নবীয়ে ৰেংকিঙৰ শীর্ষস্থানত উপনীত হ’বলৈ সক্ষম হৈছে৷