নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত শর্মাৰ পৰামর্শই উপকৃত কৰিছিল ঈশান কিশনক

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ অভিষেক মেচৰ পূর্বে ৰোহিত শর্মাৰ পৰামর্শই মনত সাহস যোগাইছিল ঈশান কিশনৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে যোৱানিশা আহমেদাবাদৰ নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামত টি–২০ত অভিষেক ঘটোৱা উদীয়মান বাঁওহতীয়া বেটছমেনগৰাকীয়ে মেচৰ অন্তত এই কথা প্রকাশ কৰে৷ ‘মেচৰ পূর্বে ৰোহিতে মোক কৈছিল যে তুমি সোমবাৰে ইনিংছ মুকলি কৰিব লাগিব আৰু আই পি এলৰ দৰে নির্ভীক হৈ খেলিবা৷ আৰম্ভণিতে মই কিছু নার্ভাছ অনুভৱ কৰিছিলোঁ যদিও ৰোহিতৰ প্রেৰণাদায়ী কথাই মোক বাৰে বাৰে সাহস যোগাইছিল৷’ ২২ বছৰীয়া ঈশানে এইদৰে কয়৷

উল্লেখ্য যে ৰোহিত শর্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছৰ হৈ দীর্ঘদিন ধৰি আই পি এলত দুর্দান্ত বেটিং প্রদর্শন দাঙি ধৰা ঝাৰখণ্ডৰ বেটছমেনগৰাকীয়ে যোৱানিশা মাত্র ৩২টা বলৰ সন্মুখীন হৈ ৫৬ ৰানৰ দর্শনীয় ইনিংছ খেলে৷

You might also like