ৰোহিত, ৰাহুলৰ শতক-কুলদীপৰ হেটট্রিকেৰে বৃহৎ জয় ভাৰতৰ
এদিনীয়াত দ্বিতীয় হেটট্রিকেৰে অভিলেখ গঢ়িলে কুলদীপ যাদৱে
নিউজডেস্ক, ১৯ ডিচেম্বৰঃ অ’পেনাৰদ্বয় ৰোহিত শর্মা আৰু লোকেশ ৰাহুলৰ দুর্দান্ত শতক তথা স্পীনাৰ কুলদীপ যাদৱৰ হেটট্রিকৰ সহায়ত টীম ইণ্ডিয়াই দ্বিতীয়খন এদিনীয়াত ৱেষ্ট ইণ্ডিজক ১০৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ এই জয়েৰে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত ১–১ত সমতা স্থাপন কৰে ঘৰুৱা দলটোৱে ৷
বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া বিশাল ৩৮৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি কুলদীপ যাদৱৰ হেটট্রিক আৰু মহম্মদ ছামিৰ লগতে ৰবীন্দ্র জাদেজাৰ দুর্দান্ত বলিঙৰ সন্মুখত ৱেষ্ট ইণ্ডিজে ৪৩.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৮০ ৰান কৰিবলৈ সক্ষম হয় ৷

চেন্নাই এদিনীয়াত শতক কৰা হেটমায়েৰে ৪ আৰু ৰষ্টন চেজেও চাৰি ৰান কৰি বিদায় লোৱাৰ লগতে অধিনায়ক কিৰণ পোলার্ডে কোনো ৰান নকৰাকৈ বিদায় লয় ৷
ছাই হ’প, জেছন হল্ডাৰ আৰু আলজাৰি যোছেফক আউট কৰি হেটট্রিক অর্জন কৰি এক অভিলেখ গঢ়ে কুলদীপে ৷ এদিনীয়া ক্রিকেটত দ্বিতীয়টো হেটট্রিক অর্জন কৰি ভাৰতৰ প্রথমগৰাকী বলাৰৰূপে অভিলেখটো ৰচে কুলদীপে ৷