২০২২ৰ পৰা আই পি এলত ১০টা দলঃ নতুন ফ্রেনছাইজীৰ অন্তর্ভুক্তিত অনুমোদন জনালে বি চি চি আইৰ গৱর্নিং বডীয়ে
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ ২০২২ বর্ষৰ পৰা আই পি এলত দেখিবলৈ পোৱা যাব দুটাকৈ নতুন দলক৷ আহমেদাবাদত অনুষ্ঠিত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ বহু প্রত্যাশিত বার্ষিক সাধাৰণ সভাত ব’ডৰ গৱর্নিং বডীয়ে আই পি এলত নতুন দলৰ অন্তর্ভুক্তিত ছীল–মোহৰ মাৰে৷ বি চি চি আইৰ এক সূত্রই সংবাদ মাধ্যমক এই কথা জানিবলৈ দিছে৷ ‘২০২২ৰ আই পি এলত দুটা নতুন দলৰ প্রৱেশ ঘটিব৷ অর্থাৎ ২০২২ৰ পৰা আই পি এলত আমি মুঠ ১০টা দলক দেখিবলৈ পাম৷ তেতিয়া আই পি এলত মেচৰ সংখ্যা ৯৪খনলৈ বৃদ্ধি পাব৷
অহা বর্ষৰ আই পি এললৈ মাজত যথেষ্ট কম সময় থকাৰ বাবে নতুন দলৰ অন্তর্ভুক্তিৰ প্রক্রিয়া সম্পূর্ণ কৰিব পৰা নগ’ল৷’– ব’ডৰ সূত্রটোৱে এইদৰে কয়৷ উল্লেখ্য যে ইউ এ ইত চলিত বর্ষৰ আই পি এল চলি থকাৰ সময়ৰে পৰা চর্চা আৰম্ভ হৈছিল যে ২০২১ৰ আই পি এলত দুটা নতুন দলক দেখিবলৈ পোৱা যাব৷ ইয়াৰে এটা আহমেদাবাদ আৰু আনটো পুনেৰ ফ্রেনছাইজী হ’ব বুলিও বাতৰি প্রকাশ পাইছিল৷ বি চি চি আয়েও আই পি এলত নতুন দল অন্তর্ভুক্ত কৰিবলৈ ইতিমধ্যে নিবিদাও প্রকাশ কৰে৷ কিন্তু ২০২১ৰ আই পি এললৈ মাজত মাথোঁ ৩–৪ মাহহে বাকী থকাৰ বাবে বি চি চি আয়ে আগন্তুক বর্ষৰ আই পি এলত নতুন দলৰ অন্তর্ভুক্তিৰ বিষয়টো ২০২২লৈ স্থগিত ৰাখে৷ মন কৰিবলগীয়া যে আই পি এলৰ ১৩ বছৰীয়া ইতিহাসত একেলগে ১০টা দলক কেতিয়াও একেলগে দেখিবলৈ পোৱা নাই৷ ইয়াৰ পূর্বে ২০১১, ২০১২ আৰু ২০১৩ৰ ছিজনত সর্বাধিক ৯টা দলে আই পি এলত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷
ইফালে, অনুষ্ঠিত বার্ষিক সাধাৰণ সভাত ব’ডৰ গৱর্নিং বডীয়ে ২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত টি–২০ ক্রিকেট অন্তর্ভুক্তিৰ ক্ষেত্রত আই চি চিক সমর্থন জনোৱাৰ সিদ্ধান্ত লৈছে৷ আনহাতে, ক’ভিড–১৯ মহামাৰীৰ বাবে সংক্ষিপ্ত হোৱা ঘৰুৱা ক্রিকেট ছিজনৰ পৰিপ্রেক্ষিতত ক্ষতিগ্রস্ত প্রথম শ্রেণীৰ ক্রিকেটাৰসকলক বি চি চি আয়ে ক্ষতিপূৰণ আগবঢ়োৱাৰো সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য যে মহামাৰীৰ বাবে ইতিমধ্যে বিলম্ব হোৱা ঘৰুৱা ক্রিকেট ছিজন বি চি চি আয়ে অহা ১০ জানুৱাৰীৰ পৰা মুস্তাক আলী টি–২০ৰে আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে যদিও ৰঞ্জি ট্রফী আৰু বিজয় হাজাৰে এদিনীয়া ট্রফী অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই৷ ইয়াৰ ফলত দেশৰ হাজাৰ হাজাৰ প্রথম শ্রেণীৰ ক্রিকেটাৰ আর্থিকভাৱে ক্ষতিৰ সন্মুখীন হ’ব৷