ক্ৰিকেট খেলিয়েই এহেজাৰ কোটি
🔷 কোহলিৰ ইনষ্টাগ্রামত অনুসৰণকাৰীৰ সংখ্যা ২৫২ মিলিয়ন
বিশেষ বাৰ্তা, ১৯ জুনঃ বর্তমান বিশ্বৰ অন্যতম জনপ্রিয় খেলুৱৈ বিৰাট কোহলিৰ ইনষ্টাগ্রামত অনুসৰণকাৰীৰ সংখ্যা ২৫২ মিলিয়নৰো অধিক৷ ষ্টক গ্র’ৰ এটি সমীক্ষা অনুসৰি, কোহলিৰ মুঠ সম্পত্তিৰ মূল্য ১০৫০ কোটি টকা৷ আন্তর্জাতিক ক্রিকেটাৰসকলৰ ভিতৰত এয়া সর্বাধিক৷ এ+ তালিকাত থকাৰ বাবে বছৰি ব’ৰ্ডৰ পৰা চুক্তিৰ বাবদ ৭ কোটি টকা আয় কৰে তেওঁ৷ তদুপৰি প্রতিখন টেষ্টৰ পৰা মেচ ফী হিচাপে লাভ কৰে ১৫ লাখ টকা৷ এদিনীয়া আন্তর্জাতিকৰ পৰা প্রতিখনৰ বাবদ ৬ লাখ আৰু প্রত্যেক টি–২০ মেচৰ পৰা লাভ কৰে ৩ লাখকৈ টকা৷ আই পি এলত আৰ চি বিৰ হৈ বছৰি ১৫ কোটি আয় কোহলিৰ৷ তদুপৰি বিভিন্ন ব্রেণ্ডৰ মালিক তেওঁ৷ ব্লু ট্রাইব, ইউনিভাৰছেল স্প’ৰ্টছ বিজ, এম পি এল, স্প’ৰ্টছ কনভো আদি ষ্টার্ট এপ বিজনেজৰ পৰা লাভ কৰে প্রচুৰ ধন৷ বিজ্ঞাপনৰ পৰা তেওঁ প্রতিবছৰে পায় ৭ৰ পৰা ১০ লাখ টকা৷ কেৱল ব্রেণ্ড এনড’ছমেণ্টৰ পৰাই বিৰাটৰ আয় ১৭৫ কোটি৷ ছ’চিয়েল মিডিয়াত প্রতিটো পোষ্টত ইনষ্টাগ্রাম আৰু টুইটাৰৰ পৰা লাভ কৰে ক্রমে ৮.৯ কোটি আৰু ২.৫ কোটি টকা৷ মুম্বাই আৰু গুৰুগ্রামত কোহলিৰ আছে দুটা ঘৰ৷ মুম্বাইৰ ঘৰৰ মূল্য ৩৪ কোটি আৰু গুৰুগ্রামৰ ঘৰৰ মূল্য ৮০ কোটি৷ ৩১ কোটি টকাৰ বিলাসী গাড়ী আছে বিৰাটৰ গেৰেজত৷ সকলো মিলি তেওঁৰ মুঠ সম্পত্তিৰ মূল্য এহেজাৰ কোটিৰো অধিক৷