নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেৰিন ড্রাইভৰ পৰা ১১ হাজাৰ কিলোগ্রাম আৱর্জনা সংগ্রহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুলাইঃ টি-২০ বিশ্বকাপৰ চেম্পিয়ন টীম ইণ্ডিয়াক আদৰণি জনোৱাৰ বাবে মুম্বাইৰ মেৰিন ড্রাইভত উপস্থিত হৈছিল লাখ লাখ অনুৰাগী৷ বৃহস্পতিবাৰে সন্ধিয়া ৭.৩০ বজাৰ পিছত নৰিমান পইণ্টৰ নেচনেল চেণ্টাৰ ফৰ পাৰফর্মিং আর্টছৰ পৰা আৰম্ভ হোৱা বিজয় যাত্রাৰ ৱাংখেড়ে ষ্টেডিয়ামত সামৰণি পৰিছিল৷ সাধাৰণতে এই ডেৰ কিলোমিটাৰৰ দূৰত্ব অতিক্রম কৰিবলৈ পাঁচ মিনিট লাগে৷ কিন্তু বৃহৎ সমাৱেশৰ বাবে পেৰেডখন পাৰ হ’বলৈ ডেৰ ঘণ্টাৰো অধিক সময় লাগিছিল ভাৰতীয় ক্রিকেট দলটোৰ৷ এই বিশাল সমাৱেশৰ পিছত মেৰিন ড্রাইভৰ পৰা ১১ হাজাৰ কিলো আৱর্জনা সংগ্রহ কৰে ব্রিহানমুম্বাই পৌৰ নিগমে৷ উক্ত স্থানৰ পৰা বিএমচিৰ কর্মচাৰীয়ে সংগ্রহ কৰিছিল জোতা আৰু কাপোৰৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ বটললৈ৷ বিএমচিৰ শ্রমিককে ধৰি ১০০জন কর্মচাৰীয়ে ৰাতিটোৰ ভিতৰতে মেৰিন ড্রাইভ পৰিষ্কাৰ কৰে৷ বিএমচিয়ে এক বিবৃতিত কয় যে চাফাই অভিযানৰ সময়ত খাদ্য–সামগ্রী আৰু পানীৰ বটলৰ বৃহৎসংখ্যক ৰেপাৰৰ লগতে বিপুল পৰিমাণৰ জোতা–চেণ্ডেল আদিও সংগ্রহ কৰা হৈছে৷ মুঠ আৱর্জনা, জোতা আৰু চেণ্ডেল ৫খন জীপত সংগ্রহ কৰা হৈছে আৰু জাবৰ উঠাবলৈ দুখন ডাম্পাৰ ব্যৱহাৰ কৰা হৈছিল৷ এই আৱর্জনাবোৰ ডাম্পিং গ্রাউণ্ডলৈ পঠোৱাৰ পৰিৱর্তে সকলো সামগ্রী পুনৰ ব্যৱহাৰকাৰী উদ্যোগলৈ প্রেৰণ কৰা হ’ব বুলি বিএমচিৰ বিবৃতিত উল্লেখ৷ উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ১১.৩০ বজাৰ পৰা আৰম্ভ হোৱা চাফাই অভিযান শুকুৰবাৰে পুৱা ৮ বজাত সমাপ্ত হয়৷

You might also like