নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইত ড্ৰ নৰ্থ ইষ্টৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ নর্থ ইষ্ট ইউনাইটেড এফ চিৰ ব্যর্থতা গৃহভূমিতো অন্ত নপৰিল৷ চলিত ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ঘৰুৱা দলটোৱে গ’লশূন্য ড্র খেলে কেৰালা ব্লাষ্টার্ছ এফ চিৰ বিৰুদ্ধে৷ প্লে অফৰ আশা সজীৱ কৰি ৰখাৰ বাবে এই মেচখন নর্থ ইষ্টৰ বাবে গুৰুত্বপূর্ণ আছিল যদিও খেলৰ প্রথমার্ধত দলৰ ৰণনীতি তথা এলেহুৱা আচৰণে হতাশ কৰে ঘৰুৱা সমর্থকক৷

You might also like