২০২৩লৈ স্থগিত এছিয়া কাপ ক্রিকেট
নিয়মীয়া বাৰ্তা ২৪ মেঃ ক’ৰোনাৰ ভয়াৱহতাৰ বাবে স্থগিত ৰখা চলিত বর্ষৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাখন ২০২৩ চনতহে অনুষ্ঠিত হ’ব৷ এছিয়ান ক্রিকেট কাউঞ্চিলৰ এক বিবৃতিত আজি এই কথা সদৰী৷ ক’ভিড–১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ক্রিকেটৰ সূচীসমূহ সালসলনি কৰিবলগীয়া হোৱাৰ পৰিপ্রেক্ষিতত ২০২১ চনৰ স্থগিত এছিয়া কাপখন ২০২২ চনত আয়োজন কৰাৰ কোনোধৰণৰ সময় উলিয়াব নোৱৰাৰ বাবেই প্রতিযোগিতাখন ২০২৩ চনত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়৷
উল্লেখ্য যে চলিত বর্ষৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাখন প্রথমে পাকিস্তানত হোৱাৰ কথা আছিল যদিও পৰৱর্তী সময়ত শ্রীলংকালৈ স্থানান্তৰ কৰা হয়৷ কিন্তু শ্রীলংকাত শেহতীয়াভাৱে ক’ৰোনাৰ ভয়াৱহতা বৃদ্ধি পোৱাত প্রতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত লয় এ চি চিয়ে৷ উল্লেখ্য যে ২০১৮ চনত অন্তিমবাৰৰ বাবে এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছিল৷