নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাঁচীত প্ৰথম দিনা ইংৰাজ বাহিনীৰ ৩০২/৭

🔹 ৰুটৰ শতকেৰে সবল স্থিতিত ইংলেণ্ড

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : অভিজ্ঞ বেটাৰ জ’ ৰুটৰ অপৰাজিত শতকৰ সহায়ত ৰাঁচী টেষ্টৰ প্রথম দিনাই সবল স্থিতিত উপনীত হৈছে ইংলেণ্ড৷ টীম ইণ্ডিয়াৰ বিপক্ষে আজিৰে পৰা আৰম্ভ হোৱা চতুর্থখন টেষ্টত প্রাৰম্ভিক বিপর্যয় সত্ত্বেও ৰুটৰ দাযিত্বশীল বেটিঙৰ সহায়ত ইংলেণ্ডে আজি প্রথম দিনৰ খেলৰ অন্তলৈকে প্রথম ইনিংছত সাতটা উইকেট হেৰুৱাই ৩০২ ৰান কৰিছে৷ দিনান্তত ৰুটে ১০৬ আৰু অ’লি ৰবিনছনে ৩১ ৰান কৰি ক্রিজত আছে৷ প্রথমে বেটিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰা ইংলেণ্ডৰ আৰম্ভণি সুখকৰ নাছিল৷ দলীয় স্ক’ৰ ৫৭ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই বিপদত পৰে৷ বেন ডাকেটে ১১, অ’লি প’পে ০ আৰু জেক ক্র’লেই ৪২ ৰান কৰি বিদায় লয়৷ ইফালে, টেষ্ট ক্রিকেটত আজি ৩১সংখ্যক শতক অর্জন কৰা ৰুটে জ’নী বেয়াৰষ্ট’ৰ সৈতে লগ লাগি দলৰ বিপর্যয় ৰোধ কৰাৰ চেষ্টা চলায়৷ দুয়োৰে মাজত চতুর্থ উইকেটত ৫২ ৰান সংগ্রহ হোৱাৰ সময়তে বেয়াৰষ্ট’ৱে ৩৮ ৰান কৰি পেভিলিয়নমুখী হয়৷ বেয়াৰষ্ট’ আউট হোৱাৰ ক্ষন্তেক পিছতে অধিনায়ক বেন ষ্ট’কছে বিদায় লোৱাত দলটো পুনৰ বিপর্যয়ত পৰে৷ অধিনায়কগৰাকীয়ে মাত্র তিনি ৰানহে কৰে৷ ইফালে, টেষ্ট ক্রিকেটত টীম ইণ্ডিয়াৰ বিপক্ষে সর্বাধিক ১০টা শতক কৰি অভিলেখ ৰচা ৰুটে বেন ফ’কছৰ সৈতে ষষ্ঠ উইকেটত ১০৩ ৰান সংগ্রহ কৰি দলটোক সন্মানজনক স্থিতিত উপনীত কৰায়৷ ফ’কছে ৪৭ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ ট’ম হার্টলেই ১৩ ৰান কৰি বিদায় লয়৷ ২২৬টা বলত ৯টা বাউণ্ডেৰীৰে ১০৬ ৰান কৰি অপৰাজিত হৈ থকা ৰুটে ৰবিনছনৰ সৈতে অষ্টম উইকেটত অপৰাজিতভাৱে ৫৭ ৰান সংগ্রহ কৰিছে৷ আজি প্রথম দিনা টীম ইণ্ডিয়াৰ সফল বলাৰৰূপে পৰিগণিত হয় নৱাগত আকাশ দীপ৷ অভিষেক টেষ্টতে আকাশে তিনিটা উইকেট দখল কৰে৷ ইফালে, মহম্মদ চিৰাজে ২টা, ৰবীন্দ্র জাদেজা আৰু ৰবিচন্দ্রন অশ্বিন উভয়ে এটাকৈ উইকেট লাভ কৰে৷

You might also like