কোহলিৰ অনুপস্থিতিত প্রত্যাৱর্তনৰ আশা নাই টীম ইণ্ডিয়াৰ
হোৱাইট ৱাছৰ সন্মুখীন হ’ব ভাৰতঃ হেডিন, মার্ক ৱ’ৰ ভৱিষ্যদ্বাণী
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ প্রথম টেষ্টত বিধ্বস্ত হোৱাৰ পিছত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াৰ বিৰুদ্ধে পৰৱর্তী তিনিখন মেচত মূৰ দাঙি উঠাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ বিশেষকৈ অধিনায়ক বিৰাট কোহলি স্বদেশলৈ উভতি যোৱাৰ পিছত দলটোৰ উদ্যম যথেষ্টখিনি হ্রাস পাব৷ এনে পৰিস্থিতিত টীম ইণ্ডিয়া শৃংখলাত হোৱাইট ৱাছৰ সন্মুখীন হোৱাৰ আশংকা আছে৷ এই মন্তব্য আগবঢ়াইছে অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰ মার্ক ৱ’ই৷ একালৰ নির্ভৰযোগ্য মিডল অর্ডাৰ বেটছমেনগৰাকীয়ে আজি কয় যে ভাৰতে শৃংখলাত প্রত্যাৱর্তন ঘটোৱাক লৈ তেওঁ মুঠেই আশাবাদী নহয়৷ ‘এডিলেইড টেষ্টত ভাৰতে জয়েৰে সুন্দৰ আৰম্ভণি ঘটোৱাৰ সুৱর্ণ সুযোগ লাভ কৰিছিল৷ প্রথম ইনিংছত অগ্রগতি অর্জনৰ পিছতো দলটোৱে এই সুযোগ কার্যকৰী কৰিব নোৱাৰিলে৷ অধিনায়ক কোহলিও এতিয়া দলৰ সৈতে নাথাকিব৷ মহম্মদ ছামিও শৃংখলাৰ পৰা বাহিৰ হৈছে৷ গতিকে ভাৰতে প্রত্যাৱর্তন ঘটোৱাৰ মই কোনো আশা দেখা নাই৷’ মার্ক ৱ’ই এইদৰে কয়৷ উল্লেখ্য যে অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰ ব্রেড হেডিনেও কালি সম্ভাৱনা ব্যক্ত কৰিছিল যে চলিত টেষ্ট শৃংখলাত ভাৰত হোৱাইট ৱাছৰ সন্মুখীন হ’ব৷ কোহলিৰ দৰে বিশ্বমানৰ বেটছমেন আৰু দক্ষ অধিনায়কৰ অনুপস্থিতিত ভাৰতে প্রত্যাৱর্তন ঘটোৱাটো অসম্ভৱ বুলি তেওঁ প্রকাশ কৰিছিল৷