নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় খেলুৱৈ এগৰাকীয়ে স্বামীৰে পদপথত দিছে ফাষ্টফুডৰ দোকান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জানুৱাৰীঃ হিমাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেটবল খেলুৱৈ ইন্দ্ৰা যথেষ্ট সংগ্ৰামৰ সন্মুখীন হৈছে। ছয়বাৰ ৰাষ্ট্ৰীয় খেলত অংশ লৈছে যদিও এতিয়া ছিৰামুৰ জিলাৰ ফাষ্টফুডৰ দোকান এখনৰ দ্বাৰাই জীৱিকা নিৰ্বাহ কৰিব লগা হৈছে। চাকৰিৰ অভাৱত এতিয়া তেওঁ মমো আৰু চাওমিন বিক্ৰী কৰিবলৈ বাধ্য হৈছে। মাত্ৰ ১১ বছৰ বয়সতে ইন্দ্ৰাই ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত ৰাজস্থান, মহাৰাষ্ট্ৰ, তামিলনাডু, ছত্তিশগড়ৰ দৰে ৰাজ্যত নিয়মীয়াকৈ প্ৰতিযোগিতা খেলিছিল। News18ৰ তথ্য অনুসৰি ইন্দ্ৰাই কয় যে তেওঁৰ বেছিভাগ সহকৰ্মীয়ে চৰকাৰী চাকৰি পাই থিতাপি লৈছে যদিও তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে। হতাশাত জীৱিকা নিৰ্বাহৰ বাবে তেওঁ হিমাচল প্ৰদেশৰ নাহান চহৰত এখন ফাষ্টফুডৰ দোকান খুলিলে, যিখন দোকান তেওঁ স্বামীৰ সৈতে চলাই আছে। ইন্দ্ৰাই ভাৰত চৰকাৰক আহ্বান জনাইছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা খেলুৱৈক চৰকাৰী চাকৰি দিব লাগে। তেওঁ কয় যে চাকৰি এটা পালে আন খেলুৱৈৰ মনোবল বৃদ্ধি পায়, কিন্তু সমৰ্থনৰ অভাৱত তেওঁলোকে সংগ্ৰাম আৰু দৰিদ্ৰতাৰ জীৱন যাপন কৰিবলগীয়া হয়। ইন্দ্ৰাই কয় যে চৰকাৰে চাকৰি প্ৰদান কৰিলে খেলুৱৈসকল ভৱিষ্যত প্ৰজন্মৰ বাবেও প্ৰেৰণাৰ উৎস হ’ব পাৰিব। একেধৰণৰ এটা ঘটনা ২০২০ চনতো পোহৰলৈ আহিছিল যেতিয়া খেলুৱৈ গীতা কুমাৰীয়ে জীৱিকা নিৰ্বাহৰ বাবে শাক-পাচলি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। সেই সময়ত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে গীতা কুমাৰীক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আৰু লগতে প্ৰতিমাহে ৩ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

You might also like