নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিটমেনৰ অভিলেখ ভংগৰে নতুন ‘ছিক্সাৰ কিং’ হিচাপে পৰিগণিত অভিষেক শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুলাইঃ টীম ইণ্ডিয়াত যোগদান কৰাৰ লগে লগে অভিষেক শৰ্মাই শিৰোনাম দখল কৰিছে। কেৰিয়াৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচত শূন্য ৰানত আউট হোৱা অভিষেকে দ্বিতীয়খন মেচত দ্ৰুত শতক অৰ্জন কৰে। এই শতকৰ লগে লগে অভিষেকে হিটমেন ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে। ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰি অভিষেক হৈ পৰিছে নতুন ‘ছিক্সাৰ কিং’। বৰ্তমান ভাৰতীয় দলটোৱে পাঁচখন খেলৰ টি-২০ ছিৰিজৰ বাবে জিম্বাবুৱে ভ্ৰমণত আছে। এই ভ্ৰমণৰ প্ৰথমখন মেচত অভিষেক শৰ্মাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়, য’ত তেওঁ একাউণ্ট নোখোলাকৈয়ে শূন্য় ৰানত পেভিলিয়নলৈ উভতি আহিছিল। তাৰ পাছত দ্বিতীয়খন মেচত অভিষেকে শক্তিশালী প্ৰদৰ্শন কৰি ৭টা চাৰি আৰু ৮টা ছয়ৰ সহায়ত ৪৭টা বলত ১০০ ৰান সংগ্ৰহ কৰে।এই ইনিংছত ৮টা ছয়ৰ সহায়ত অভিষেক ২০২৪ চনত টি-২০ ক্ৰিকেটত সৰ্বাধিক ছয় মৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। অভিষেকৰ শতক অৰ্জনৰ পূৰ্বে এইবাৰ টি-২০ত সৰ্বাধিক ছয় কৰা ভাৰতীয় বেটছমেনৰ তালিকাত ৰোহিত শৰ্মা শীৰ্ষত আছিল, যিয়ে ৪৬টা ছয় মাৰিছিল। অৱশ্যে এতিয়া অভিষেকে ৫০টা ছয়েৰে এই তালিকাত শীৰ্ষস্থান দখল কৰিছে। এই তালিকাত বিৰাট কোহলি ৪৫টা ছয়েৰে তৃতীয় স্থানত, শিৱম ডুবে ৪১টা ছয়েৰে চতুৰ্থ স্থানত আৰু ৰজত পাটিদাৰে ৩৩টা ছয়েৰে পঞ্চম স্থানত আছে। অভিষেকে আই পি এল ২০২৪ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি আলোড়নৰ সৃষ্টি কৰিছিল। ১৬খন মেচত তেওঁ ৪৮৪ ৰান সংগ্ৰহ কৰে।

You might also like