আইচিচি টি–২০ ৰেংকিঙৰ দ্বিতীয় স্থানত অভিষেক শর্মা, অলৰাউণ্ড শাখাৰ শীর্ষত হার্দিক পাণ্ডিয়া
নিউজ ডেস্ক, ২৭ মাৰ্চঃ টীম ইণ্ডিয়াৰ অপেনাৰ অভিষেক শর্মাই আইচিচি টি–২০ ৰেংকিঙৰ বেটিং শাখাৰ দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে ঘোষণা কৰা ৰেংকিঙৰ বেটিং শাখাত ৮২৯ ৰেটিং পইণ্টেৰে অভিষেকে দ্বিতীয় স্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হয়৷ অষ্ট্রেলিয়াৰ ট্রেভিছ হেডে শীর্ষস্থান দখল কৰি থকা বেটিং শাখাত ভাৰতীয় দলটোৰ তিলক বার্মাই চতুর্থ আৰু সূর্যকুমাৰ যাদৱে পঞ্চম স্থানটো নিজৰ দখলতে ৰাখিছে৷ ইংলেণ্ডৰ ফিল ছল্টে তৃতীয় স্থানত আছে৷ ইফালে ৱেষ্ট ইণ্ডিজৰ আকিল হোছেইনে শীর্ষস্থান দখল কৰি থকা বলিং শাখাত সাতটা স্থান আগুৱাই ষষ্ঠ স্থানলৈ উন্নীত হৈছে নিউজিলেণ্ডৰ জেকব ডাফী৷ এটা স্থানৰ অৱনমন ঘটি ভাৰতৰ ৰবি বিষ্ণই সপ্তম আৰু অর্শদীপ সিঙে দশম স্থানলৈ অৱনমিত হৈছে৷ টীম ইণ্ডিয়াৰ তাৰকা স্পিনাৰ বৰুণ চক্রৱর্তীয়ে দ্বিতীয় স্থানটো নিজৰ দখলতে ৰখাৰ বিপৰীতে ইংলেণ্ডৰ আদিল ৰছিদে তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷ অলৰাউণ্ড শাখাৰ শীর্ষ ১০ত কোনো সালসলনি ঘটা নাই৷ টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ হার্দিক পাণ্ডিয়াই শীর্ষস্থান দখল কৰি থকা অলৰাউণ্ড শাখাৰ নেপালৰ দীপেন্দ্র সিং আইৰিয়ে দ্বিতীয় আৰু অষ্ট্রেলিয়াৰ মার্কাছ ষ্ট’ইনিছে তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷