নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গিলক আউট কৰিও সমালোচিত আব্রাৰ

🔹 আব্রাৰৰ ভাবভংগীত অসন্তুষ্ট প্ৰাক্তন পাক ক্ৰিকেটাৰ

নিউজ ডেস্ক, ২৫ ফেব্রুৱাৰী : চেম্পিয়নছ ট্ৰফীৰ হাইভল্টেজ মেচখনত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ সফল বলাৰ আছিল আব্রাৰ আহমেদ৷ ২৬ বছৰীয়া লেগ স্পিনাৰগৰাকীয়ে ১০ অভাৰত ২৮ ৰান দিয়ে৷ ২২ গজত থিতাপি লোৱা শুভমন গিলক তেওঁ প্রতিযোগিতাখনৰ অন্যতম শ্রেষ্ঠ ডেলিভাৰীৰে আডট কৰে৷ তথাপি ক্রিকেট অনুৰাগীৰ এটা অংশই আব্রাৰক সমালোচনা কৰিছে৷ ৱাছিম আক্রামৰ দৰে প্রাক্তন ক্রিকেটাৰো তেওঁৰ ওপৰত বিৰক্ত৷ ভাৰতৰ বিৰুদ্ধে এখন মানসিক চাপৰ মেচত তেওঁ ভাল বলিং কৰিছিল৷ ক’ব পাৰি যে দেওবাৰে তেওঁ পাকিস্তানৰ অন্যতম শ্রেষ্ঠ প্রদর্শনকাৰী আছিল৷ তথাপি এটা ঘটনাৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হৈছে৷ শুভমনক আউট কৰাৰ পিছত আব্রাৰে তেওঁক বিশেষ ধৰণে খেলপথাৰৰ পৰা ওলাই যাবলৈ কয়৷ দুয়োখন হাত বুকুৰ আগত থৈ কান্ধত কান্ধ মিলাই দিলে৷ একে সময়তে তেওঁ চকুৰ টিপ্পনীৰে শুভমনক ক’বলৈ চেষ্টা কৰিছিল– ‘কেনেকুৱা লাগিছে’, সাধাৰণতে পাকিস্তানী স্পিনাৰসকলে উইকেট লোৱাৰ পিছত এনেদৰেই উত্তেজনা প্রকাশ কৰে৷ ভাৰতৰ ইনিংছৰ ১৮ অভাৰৰ তৃতীয়টো বলত আব্রাৰে শুভমনক আউট কৰে৷ সেই সময়ত ধাৰাভাষ্যকাৰে আব্রাৰৰ বলিঙৰ প্রশংসা কৰিছিল৷ কিন্তু খেলৰ পিছত সেই প্রশংসা সমালোচনাত পৰিণত হ’ল৷ আক্রামে কয়– ‘আব্রাৰৰ বলিঙে মোক আপ্লুত কৰিছিল৷ কিন্তু তেওঁৰ আনন্দৰ ভাবভংগী মোৰ ভাল নালাগিল৷ এনে আনন্দ প্রকাশ কৰিবলৈ উপযুক্ত সময় আৰু পৰিস্থিতিৰ বাবে অপেক্ষা কৰিব লাগে৷ আপোনাৰ দলটোৱে জয়ী হ’লে আপুনি এইদৰে উদযাপন কৰে৷ কিন্তু দলৰ বিপদ হ’লে সেয়া গ্রহণযোগ্য নহয়৷ এই সময়ত আপুনি ভদ্র হ’ব লাগে৷ আপুনি শান্ত হৈ থকা উচিত৷ কিন্তু তেওঁৰ মাজত বিশেষ একো দেখা পোৱা নগ’ল৷’ আক্রামে লগতে কয়– ‘এইধৰণৰ আনন্দই সকলো শেষ কৰি পেলায়৷ ৭ ৰানত ৫টা উইকেট ল’লেও বুজিলোঁহেঁতেন৷ কিন্তু আনন্দ কৰাৰ ধৰণটো মোৰ ভাল নালাগিল৷ যিটো সময়োপযোগী নাছিল৷’

You might also like