অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলেই ছেমিফাইনেলত আফগানিস্তান
নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আয়োজক পাকিস্তান আৰু বাংলাদেশৰ পিছত তৃতীয়টো দল হিচাপে চেম্পিয়নছ ট্রফীৰ গ্রুপ পর্যায়ৰ পৰা বিদায় ল’লে ইংলেণ্ডে। লাহোৰত অনুষ্ঠিত গ্রুপ বিৰ বিজয় অপৰিহার্য মেচখনত ইংলেণ্ড আফগানিস্তানৰ হাতত ৮ ৰানত পৰাস্ত হয়৷ আফগানিস্তানে জয়ৰ বাবে বান্ধি দিয়া ৩২৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জ’ ৰুটৰ শতক সত্ত্বেও ইংলেণ্ডে ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩১৭ ৰান কৰে৷ ৰুটে ১১১টা বলত ১১টা চাৰি আৰু ১টা ছয়েৰে ১২০ ৰান কৰে৷ বেন ডাকেটে ৩৮, অধিনায়ক বাটলাৰে ৩৮, অ’ভাৰটনে ৩২ আৰু হেৰী ব্রুকে ২৫ ৰানৰ অৱদান আগবঢ়ায়৷ অ’পেনাৰ ফিল ছল্টে ১২ আৰু জেমি স্মিথে মাত্র ৯ ৰান কৰি বিদায় লয়৷ আফগানিস্তানৰ হৈ আজমতুল্লাহ ওমৰজায়ে সর্বাধিক পাঁচটা উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও ইব্রাহিম জাদ্রানৰ বিস্ফোৰক শতকৰ সহায়ত আফগানিস্তানে নির্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩২৫ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ৩৭ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই চাপত পৰে আফগানিস্তান৷ অৱশ্যে চেম্পিয়নছ ট্রফীত ব্যক্তিগতভাৱে সর্বাধিক ৰান কৰাৰ নজিৰ গঢ়া ইব্রাহিম জাদ্রানে অধিনায়ক হাছমতুল্লাহ শ্বাহিদীৰ সৈতে চতুর্থ উইকেটত ১০৩ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ হাছমতুল্লাহে ৪০ ৰান কৰি বিদায় লয়৷ ইফালে ১৪৬টা বলত ১২টা চাৰি আৰু ছয়টা ছয়েৰে ১৭৭ ৰান কৰা জাদ্রানে আজমতুল্লাহ ওমৰজাইৰ সৈতে পঞ্চম উইকেটত ৭২ আৰু মহম্মদ নবীৰ সৈতে ষষ্ঠ উইকেটত ১১১ ৰান সংগ্রহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ আজমতুল্লাহে ৪১ আৰু নবীয়ে ৪০ ৰানৰ অৱদান আগবঢ়ায়৷ ইংলেণ্ডৰ হৈ জ’ফ্রা আর্চাৰে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ উল্লেখ্য যে ইংলেণ্ডে দুখন মেচ খেলি দুয়োখনতে পৰাজয় স্বীকাৰ কৰাৰ বিপৰীতে আফগানিস্তানে দুখন মেচৰ পৰা ২ পইণ্ট সংগ্রহ কৰি গ্রুপ বিৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে৷ দক্ষিণ আফ্রিকা আৰু অষ্ট্রেলিয়াই দুখন মেচৰ পৰা ৩ পইণ্ট সংগ্রহ কৰি ক্রমে প্রথম আৰু দ্বিতীয় স্থানত আছে৷ ইফালে লীগৰ এখন খেল বাকী আছে আফগানিস্তানৰ। যদিহে আফগান বাহিনীয়ে শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ক কৰে নিশ্চিতভাৱে ছেমিত প্ৰৱেশ কৰিব। কিয়নো অষ্ট্ৰেলিয়াৰ এখন মেচ বাতিল হোৱা বাবে দক্ষিণ আফ্ৰিকাৰে পইণ্ট ভগাব লগা হৈছিল।