শচীন-কোহলিৰ অভিলেখ ভংগ আফগানিস্তানৰ ৰহমানুল্লাহৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত ৫ উইকেটত বিজয় সাব্যস্ত কৰি আফগানিস্তানে ২–১ৰ ব্যৱধানত শৃংখলা হস্তগত কৰে৷ মেচখনত আফগানিস্তানৰ অ’পেনাৰ বেটাৰ ৰহমানউল্লাহ গুৰবাজে এক অনন্য কৃতিত্ব অর্জন কৰে৷ দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি কেৰিয়াৰৰ অষ্টমটো এদিনীয়া শতক অর্জন কৰে গুৰবাজে৷ মেচখনত শতক অর্জন কৰি আফগান বেটাৰজনে ভংগ কৰে কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলিৰ অভিলেখ৷ মেচখনত ১০১ ৰানৰ এক সুন্দৰ ইনিংছ খেলি গুৰবাজে ২২ বছৰ ৩৪৯ দিনত দক্ষিণ আফ্রিকাৰ উইকেটকীপাৰ– বেটাৰ কুইণ্টন ডি ককৰ পিছতে এদিনীয়াত ৮টা শতক অর্জনকাৰী দ্বিতীয় সর্বকনিষ্ঠ বেটাৰৰূপে পৰিগণিত হয়৷ ডি ককে ২২ বছৰ ৩১২ দিনত এই কৃতিত্ব অর্জন কৰিছিল৷ একে সময়তে গুৰবাজে শচীন তেণ্ডুলকাৰ (২২ বছৰ ৩৫৭ দিন), বিৰাট কোহলি (২৩ বছৰ ২৭ দিন) আৰু পাকিস্তানৰ প্রাক্তন অধিনায়ক বাবৰ আজমৰ (২৩ বছৰ ২৮০ দিন) অভিলেখ ভংগ কৰে৷ তদুপৰি, তেওঁ ২৩ বছৰ বয়সৰ পূর্বে এদিনীয়া ক্রিকেটত ৮টা শতক অর্জন কৰি সর্বাধিক এদিনীয়া শতক অর্জন কৰাৰ ক্ষেত্রত শচীন তেণ্ডুলকাৰৰ সৈতে সমতা স্থাপন কৰে৷ সোমবাৰে নিশা শ্বাৰজাহত অনুষ্ঠিত মেচখনত বাংলাদেশে প্রথমে বেটিং কৰি মাহমুদুল্লাহৰ ৯৮ আৰু মেহিদী হাছান মিৰাজৰ ৬৬ ৰানৰ সহায়ত ৮ উইকেটত ২৪৪ ৰান সংগ্রহ কৰে৷ প্রত্যুত্তৰত ৰহমানুল্লাহ গুৰবাজৰ ১০১ ৰানৰ সহায়ত মেচৰ অন্তিম অভাৰত জয়লাভ কৰে আফগানিস্তানে৷ আজমাতুল্লাহ উমাৰজায়ো অপৰাজিত ৭০ ৰান সংগ্রহ কৰে৷ এয়া আছিল আফগান দলটোৰ এদিনীয়াত ক্রমাগত তৃতীয়টো শৃংখলা জয়৷ ইয়াৰ পূর্বে দলটোৱে সংযুক্ত আৰৱ আমিৰশ্বাহীত দক্ষিণ আফ্রিকাক ২–১ আৰু আয়াৰলেণ্ডক ২–০ ব্যৱধানত পৰাস্ত কৰিছিল৷