নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ বছৰৰ পিছত কাইলৈ প্রতিশোধৰ মেগাফাইনেল

🔹 বিশ্বকাপৰ ফাইনেলৰ পূর্বে স্নায়ু যুঁজ ভাৰত–অষ্ট্রেলিয়াৰ

বিশেষ বাৰ্তা, ১৮ নৱেম্বৰ : দেওবাৰে আহমেদাবাদত চলিত বিশ্বকাপৰ চূড়ান্ত যুঁজত অৱতীর্ণ হ’ব ভাৰত আৰু অষ্ট্রেলিয়া৷ এই মেগাফাইনেললৈ মাজত কেইটামান ঘণ্টা বাকী থকা অৱস্থাতে দুয়ো দলৰ খেলুৱৈ আৰু প্রাক্তন ক্রিকেটাৰসকল স্নায়ু যুঁজত অৱতীর্ণ হৈছে৷ ফাইনেলৰ আগমুহূর্তত ভাৰতক সকীয়নি দিছে অষ্ট্রেলিয়ান বলাৰ মিছেল ষ্টার্কে৷ বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰিয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ কথা মনত পেলাই দিলে ষ্টার্কে৷ তেওঁ সংবাদ মেলত কয়– আমি ভাৰতৰ বিৰুদ্ধে ইতিমধ্যে একাধিকবাৰ ফাইনেল খেলিছোঁ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ কথা পাহৰি গ’লে নহ’ব৷ আমাৰ বাবে ফাইনেল নতুন কথা নহয়৷ উল্লেখ্য যে ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত দুয়োটা দল মুখামুখি হৈছিল৷ ৰিকি পণ্টিঙৰ অষ্ট্রেলিয়াৰ সন্মুখত অসহায় আত্মসমর্পণ কৰিছিল সৌৰভ গাংগুলীৰ ভাৰতে৷ এইবাৰ দুটা দশকৰ পিছত দুয়োটা দল পুনৰ মুখামুখি হ’ব এদিনীয়া বিশ্বকাপৰ ফাইনেলত৷ সেই সময়ত ষ্টার্কৰ বয়স আছিল ১৩ বছৰ৷ ইপিনে সুদীর্ঘ ২০ বছৰৰ পিছত বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ প্রতিশোধ ল’বলৈ দলৰ খেলুৱৈসকলক আহ্বান জনাইছে৷ সেই স্মৃতি ৰোমন্থন কৰি গাংগুলীয়ে কয় – ভাৰতে প্রতিযোগিতাখনত চেম্পিয়নৰ দৰে দুর্দান্ত প্রদর্শন কৰিছে৷ আমি পৰাজিত হোৱাৰ সময়তো অষ্ট্রেলিয়া অপ্রতিৰোধ্য আছিল৷ বর্তমানৰ অষ্ট্রেলিয়া দলটো তাৰ অর্ধেকো নহয়৷ অষ্ট্রেলিয়াৰ শীর্ষক্রমৰ বেটাৰ ষ্টিভ স্মিথেও ভাৰতৰ বিৰুদ্ধে মেগা ফাইনেলক প্রতিশোধৰ মেচ ৰূপে গণ্য কৰিছে৷ উল্লেখ্য যে এইবাৰ বিশ্বকাপৰ অভিযান ভাৰতৰ বিৰুদ্ধে পৰাজয়েৰে আৰম্ভ কৰিছিল অষ্ট্রেলিয়াই৷ ৮ অক্টোবৰত চেন্নাইত খেলা মেচখনত ৰবীন্দ্র জাদেজা, কুলদীপ যাদৱ আৰু ৰবিচন্দ্রন অশ্বিনৰ স্পীনৰ যাদুত ১৯৯ ৰানতে ইনিংছ সামৰিছিল অষ্ট্রেলিয়াই৷ প্রত্যুত্তৰত বিৰাট কোহলিয়ে ৮৫ আৰু কে এল ৰাহুলে ৯৭ ৰানত অপৰাজিত থাকি দলক উপহাৰ দিছিল প্রথম বিজয়৷ ইয়াৰ পিছত ১০খন মেচৰ আটাইকেইখনতে জয়লাভ কৰি ভাৰতে ফাইনেলত স্থানত নিশ্চিত কৰিছে৷ ইয়াৰ বিপৰীতে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ হাতত ক্রমাগত পৰাজয়ৰ পিছত দুর্দান্ত প্রত্যাৱর্তনেৰে ৰুদ্ধশ্বাস ছেমিফাইনেলত দক্ষিণ আফ্রিকাক হৰুৱাই ফাইনেলত প্রৱেশ কৰে পাঁচবাৰৰ বিশ্ববিজয়ী দলটোৱে৷ সেইবাবে এইবাৰ ফাইনেলত ভাৰতক হৰুৱাই প্রতিশোধ ল’ব বিচাৰে পেট কামিনছ আৰু তেওঁৰ সতীর্থসকলে৷

You might also like