নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰে ব্ৰেকফাষ্টৰ অন্তত পোনে পোনে মুম্বাইলৈ যাত্ৰা কৰিব ৰোহিত বাহিনীয়ে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ জুলাইঃ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে বিশ্ব চেম্পিয়ন ভাৰতীয় দল। ইয়াৰ পূৰ্বে বেয়া বতৰৰ বাবে বাৰ্বাডোজত আবদ্ধ হৈ পৰিছিল ভাৰতীয় খেলুৱৈসকল। পূৰ্বে নিৰ্ধাৰিত সময়সূচী অনুসৰি ভাৰতীয় খেলুৱৈসকলে সোমবাৰে নিউয়ৰ্কত উপস্থিত হ’ব লাগিছিল যদিও বেয়া বতৰৰ বাবে সেয়া সম্ভৱ নহ’ল। এতিয়া ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলৰ খেলুৱৈসকলে চাৰ্টাৰ বিমানেৰে ভাৰতত উপস্থিত হৈছে। আজি দিল্লীত সাক্ষাৎ কৰিব ভাৰতীয় খেলুৱৈসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। অনুমান কৰা হৈছে যে ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াৰ খেলুৱৈসকলে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ব্ৰেকফাষ্ট কৰিব। ইয়াৰ পিছত ভাৰতীয় খেলুৱৈসকল মুম্বাইলৈ ৰাওনা হ’ব। মুম্বাইত অনুষ্ঠিত হ’বলগীয়া মুকলি শীৰ্ষ বাছ পেৰেডত অংশ ল’ব ভাৰতীয় খেলুৱৈসকল। ভাৰতীয় খেলুৱৈসকলৰ লগত আছে সহায়ক কৰ্মচাৰী আৰু পৰিয়ালৰ সদস্য। একে সময়তে পুৱাৰে পৰা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংবাদ মাধ্যমৰ বিপুল ভিৰ। অৱশ্যে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে বিশ্ব চেম্পিয়ন ভাৰতীয় দল। এতিয়া ভাৰতীয় খেলুৱৈসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ব্ৰেকফাষ্ট কৰিব। লগতে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া মুকলি শীৰ্ষ বাছ পেৰেডৰ অংশ হ’ব ভাৰতীয় খেলুৱৈসকল। আশা কৰা হৈছে যে মুম্বাইৰ ৰাজপথত ক্ৰিকেট অনুৰাগীৰ বিপুল ভিৰ কৰিব। ইয়াৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা কৰা হৈছে।

You might also like