নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্থ হৈ ঘৰলৈ উভতিল সৌৰভ গাংগুলী

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ এমাহত দ্বিতীয়বাৰৰ বাবে হূদৰোগত আক্রান্ত হোৱা বি চি চি আইৰ মুৰব্বী তথা ভাৰতৰ প্রাক্তন অধিনায়ক সৌৰভ গাংগুলী সুস্থ হৈ আজি ঘৰলৈ উভতিছে৷ কলকাতাৰ এপল’ হাস্পতালৰ চিকিৎসকে প্রকাশ কৰা অনুসৰি গাংগুলীৰ অৱস্থা এতিয়া সম্পূর্ণৰূপে সুস্থিৰ আৰু তেওঁ কিছুদিনৰ ভিতৰত নিয়মীয়া কাম–কাজ আৰম্ভ কৰিব পাৰিব৷

উল্লেখ্য যে ২ জানুৱাৰীত হঠাতে বুকুত বিষ অনুভৱ কৰি গাংগুলী প্রথমবাৰৰ বাবে চিকিৎসাধীন হৈছিল৷ চিকিৎসকে তেওঁৰ এনজি’প্লাষ্টি সম্পন্ন কৰি হূদযন্ত্রত এটা ষ্টেণ্ট স্থাপন কৰিছিল৷ সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ কিছুদিন পিছত যোৱা বুধবাৰে গাংগুলীয়ে পুনৰ বুকুৰ বিষ অনুভৱ কৰে আৰু দ্বিতীয়বাৰৰ বাবে চিকিৎসাধীন হ’বলগীয়া হয়৷ এইবাৰ তেওঁৰ হূদযন্ত্রত পুনৰ দুটা ষ্টেণ্ট স্থাপন কৰা হৈছে৷

You might also like