নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল্পনা-কল্পনাৰ অন্তত ভিনেশ ফ’গাটক স্বর্ণ পদক প্রদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ আগষ্টঃ সদ্যসমাপ্ত পেৰিছ অলিম্পিক ভিনেশ ফ’গাটৰ বাবে এটা দুঃস্বপ্নতকৈ কোনো কম নহয়৷ পেৰিছ অলিম্পিকৰ ফাইনেলৰ পূর্বে ভিনেশ ফ’গাটক শৰীৰৰ ১০০ গ্রাম অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল৷ যি সিদ্ধান্তই সমগ্র ভাৰতীয় লোকসকলক এক বৃহৎ আঘাত দিয়ে৷ ফাইনেলত উপনীত হোৱাৰ পিছত ভিনেশ ফ’গাটৰ পৰা সোণৰ পদক আশা কৰিছিল দেশবাসীয়ে৷ পিছে খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পিছত তেওঁ সোণটো বাদেই বঞ্চিত হ’ল ৰূপৰ পদক লাভৰ পৰাও৷ ভিনেশে পেৰিছত সোণ তথা ৰূপৰ পদক লাভ কৰা নাছিল যদিও ভাৰতলৈ অহাৰ পিছত মল্লযোদ্ধাগৰাকীক প্রদান কৰা হৈছিল সোণৰ পদক৷ ভিনেশ ফ’গাটে ২৫ আগষ্টত উদযাপন কৰিছিল ৩০ বছৰীয়া জন্মদিন৷ জন্মদিন উপলক্ষে ফ’গাটক সর্ব খাপ পঞ্চায়তে প্রদান কৰিছিল সোণৰ পদক৷ হাৰিয়ানাৰ ৰোহতক জিলাৰ ভিনেশ ফ’গাটৰ সন্মানার্থে আয়োজন কৰা হৈছিল এখন সভা৷ এই সভাত ভিনেশক সর্ব খাপ পঞ্চায়তে সোণৰ পদক আৰু পাগুৰিৰে সন্মানিত কৰে৷ এক প্রতিবেদন অনুসৰি, এই সোণৰ পদক পঞ্চায়তে বিশুদ্ধ সোণৰ দ্বাৰা বিশেষভাৱে প্রস্তুত কৰি উলিয়াইছে৷ ভিনেশে স্বর্ণ পদক লাভ কৰাটো নিশ্চিত হোৱাৰ পিছত খেলুৱৈগৰাকীৰ সৈতে ষডযন্ত্র কৰিয়েই পদকটো কাঢ়ি নিয়া হৈছে বুলি সর্ব খাপ পঞ্চায়তে অভিযোগ উত্থাপন কৰিছিল৷ ভিনেশে খাপ পঞ্চায়তৰ পদক্ষেপক প্রশংসা কৰি কয় যে কন্যাৰ সন্মানৰ বাবে তেওঁলোকৰ যুঁজ এতিয়াই আৰম্ভ হৈছে৷ ভৱিষ্যতে এই অন্যায়ৰ বিৰুদ্ধে প্রকৃত সত্য তেওঁলোকেই পোহৰলৈ আনিব৷ ভাৰতীয় মল্লযোদ্ধা ভিনেশ ফ’গাটে পঞ্চায়তত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত কৈছিল যে ‘নিশ্চিতভাৱে এইটো বিবেচনাধীন৷ কিয়নো, যিকোনো খেলুৱৈৰ বাবে খেল এৰি যোৱাটো ইমান সহজ নহয়৷ মল্লযুদ্ধ ত্যাগ কৰাটো মোৰ বাবে সহজ কাম নহয়৷ মোৰ সৈতে যি ঘটিছিল, তাৰ ফলত সেয়া মোৰ আৱেগিক সিদ্ধান্তৰ বহির্প্রকাশ ঘটিছিল৷’

You might also like