নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনক আঁতৰাই বিশ্বৰ আটাহতকৈ ধনী ক্রিকেটাৰ অজয় জাদেজা

🔹 ১৪৫০ কোটিৰ সম্পত্তি : কপাল ফুলিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

নিউজ ডেস্ক, ১৭ অক্টোবৰ : মেচ ফিক্সিঙত জড়িতৰ অভিযোগত আধাতে কেৰিয়াৰ সামৰিছিল৷ ২০০০ চনত তেওঁ ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰে৷ তাৰ পিছতো কিংবদন্তি শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলিক অতিক্রম কৰি অজয় জাদেজা বিশ্বৰ আটাহতকৈ ধনী ক্রিকেটাৰ হিচাপে পৰিগণিত হয়৷ ইমান দিনে শচীন আছিল বিশ্বৰ আটাহতকৈ ধনী ক্রিকেটাৰ৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৪২৮ কোটি টকা৷ কোহলিৰ সম্পত্তিৰ পৰিমাণ ১০০০ কোটি টকা৷ এতিয়া জাদেজাৰ সম্পত্তিৰ পৰিমাণ ১৪৫০ কোটি টকাতকৈও অধিক৷ ক্রীড়াৰ পৰা জাদেজাৰ উপার্জন বৃদ্ধি হোৱা নাছিল৷ আচলতে তেওঁক জামনগৰৰ পৰৱর্তী ৰজা হিচাপে নিযুক্ত কৰা হৈছে৷ বর্তমানৰ ৰজা শত্রুশল্যসিংহজী দিগ্বিজয়সিংহজী জাদেজাই তেওঁক উত্তৰাধিকাৰী হিচাপে বাছি লৈছিল৷ তেওঁ প্রাক্তন ক্রিকেটাৰগৰাকীৰ ককাক৷ এতিয়া অজয় জাদেজা ৰাজকুমাৰ হৈ পৰিছে৷ গুজৰাটৰ জামনগৰক নৱনগৰ বুলিও জনা যায়৷ নগৰৰ ৰজাক ‘জাম’ বুলি কোৱা হয়৷ সেয়েহে জামনগৰ নাম৷ দিগ্বিজয়সিংহজীয়ে অজয় জাদেজাক আটাহতকৈ উপযুক্ত উত্তৰাধিকাৰী হিচাপে বাছি লৈছিল৷ তেওঁ এক বিবৃতিত কয়- ‘দছেৰা উৎসৱত পাণ্ডৱসকলৰ নির্বাসনৰ পৰা জয়লাভ হয়৷ আজি দছেৰা উৎসৱত ময়ো বহুত সুখী৷ মোৰ এটা সমস্যা সমাধান কৰাৰ বাবে অজয় জাদেজাক ধন্যবাদ৷ তেওঁ মোৰ উত্তৰাধিকাৰী হ’বলৈ সন্মত হ’ল৷ জামনগৰৰ জনসাধাৰণৰ সেৱাৰ দায়িত্ব ল’বলৈ অজয়ৰ ইচ্ছুকতা ইয়াৰ ৰাইজৰ বাবে আশীর্বাদ৷ তেওঁৰ প্রতি মই আন্তৰিকতাৰে কৃতজ্ঞ৷’’ জাদেজাৰ পৰিয়ালৰ ৰাজনীতি আৰু ক্রিকেটৰ ইতিহাস বহু পুৰণি৷ ভাৰতীয় ঘৰুৱা ক্রিকেটত অতি গুৰুত্বপূর্ণ ৰঞ্জি ট্ৰফী আৰু দুলীপ ট্ৰফীৰ নাম তেওঁলোকৰ বংশধৰ কে ৰঞ্জিতসিংজী আৰু কে এছ দুলীপসিংজীৰ নামেৰে ৰখা হৈছে৷ জাদেজাৰ পিতৃ দৌলসিংজী জাদেজা জামনগৰৰ পৰা তিনিবাৰকৈ সাংসদ নির্বাচিত হয়৷ ৫৩ বছৰীয়া প্রাক্তন ক্রিকেটাৰগৰাকীয়ে টীম ইণ্ডিয়াৰ হৈ ১৫খন টেষ্ট আৰু ১৯৬খন এদিনীয়া মেচ খেলিছিল৷ ১৯৯২ চনৰ পৰা ২০০০ চনলৈকে তেওঁ জাতীয় দলৰ হৈ খেলিছিল৷ এদিনীয়া ক্রিকেটত ভাৰতীয় দলটোক নেতৃত্বও দিছিল৷

You might also like