ধোনিৰ ৰেকৰ্ড ভাঙিলে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰে
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলে সম্প্ৰতি ঘৰুৱা ক্ৰিকেট গ্ৰাউণ্ডত নিউজিলেণ্ডৰে টি-২০ ক্ৰিকেট খেলি আছে। ব্ৰিছবনৰ এলেন বৰ্ডাৰ খেলপথাৰত চলি থকা এই শৃংখলাত দলটোৰ উইকেট কীপাৰ এলিচা হিলীয়ে গঢ়িলে এক ৰেকৰ্ড।
৩০ বছৰীয়া এলিচা হিলীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এতিয়ালৈ ৯২টা উইকেট আউট কৰি ভাৰতৰ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ ৯১টা উইকেট দখলৰ বিশ্ব ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়। এলিচাৰ ৯২টাৰ ৰেকৰ্ডত আছিল ৪২টা কেছ আৰু ৫০টা ষ্টাম্প।
অকল ইমানেই নহয় উইকেট কীপাৰ হিচাপে সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ ধোনিৰ যি ৰেকৰ্ড, তাকো ভংগ কৰে এলিছাই। মহেন্দ্ৰ সিং ধোনিয়ে ৯৮খন টি-২০ খেলাৰ বিপৰীতে এলিছা হিলীয়ে খিলেছ ৯৯খন মেচ। উল্লেখ্য যে এলিছা হিলী অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কৰ পত্নী।