নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কম মূল্যতে কিনক ফ্লেট, ঘৰ, দোকান… ষ্টেট বেংকৰ ই-নিলাম

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ভাৰতীয় ষ্টেট বেংকে অহা ৩০ ছেপ্টেম্বৰৰ দিনটোত দিছে এক বিশেষ সুবিধা। এই সুবিধা অনুযায়ী আপুনি কম দামতে ঘৰ, ফ্লেট আৰু দোকান কিনিব পাৰিব।

বেংকটোৱে ৩০ ছেপ্টেম্বৰৰ দিনাখন বৃহৎ ই-নিলামৰ ব্যৱস্থা কৰিছে। বেংকটোৰ অধীনত থকা সহস্ৰাধিক সম্পত্তি উক্ত দিনা নিলামত বিক্ৰী কৰিব বুলি বেংক কৰ্তৃপক্ষই টুইটযোগে জাননী জাৰি কৰিছে দেশজুৰি।

জানিব পৰা মতে, নিলাম কৰিব লগা সম্পত্তিবোৰ ঋণৰ ক্ষেত্ৰত বন্ধকত থোৱা সম্পত্তি, যিবোৰ সম্প্ৰতি ষ্টেট বেংকৰ অধীনলৈ অনা হৈছে। ই-নিলাম প্ৰক্ৰিয়াত ভাগ ল’ব বিচৰা কোনো লোকে ওচৰৰ ষ্টেট বেংকৰ শাখাৰে যোগাযোগ কৰিব পাৰিব বুলি বেংকৰ ফালৰ পৰা জনোৱা হৈছে।

বেংকত ইতিমধ্যে নিলাম প্ৰক্ৰিয়াৰ বাবে জনসংযোগ বিষয়া নিযুক্ত কৰা হৈছে আৰু এনে বিষয়াৰ সহযোগত নিলামত অংশ ল’বলৈ প্ৰয়োজনীয় প্ৰাথমিক কাম-কাজ আৰম্ভ কৰিব পৰা যাব।

You might also like