নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাৰ ক্ৰিকেট : দলৰ আটাইকেইজন বেটাৰ ৰিটায়ার্ড আউট

দলটোৰ ৯গৰাকী বেটাৰে বলৰ সন্মুখীন নোহোৱাকৈয়ে অৱসৰ গ্রহণ

নিউজ ডেস্ক, ১০ মে’ : টি–২০ ক্রিকেটত সংঘটিত হ’ল এক অদ্ভুত ঘটনা৷ ক্ষীপ্রতাৰে খেল সমাপ্ত কৰাৰ বাবে ৰিটায়ার্ড আউট হ’ল এটা দলৰ আটাইকেইজন বেটাৰ৷ এই ঘটনাটো শুকুৰবাৰে সংঘটিত হয় বেংগকত৷ মহিলা টি–২০ বিশ্বকাপ এছিয়ান কোৱালিফায়াৰত কাটাৰৰ বিৰুদ্ধে খেলা মেচখনত সংযুক্ত আৰব আমিৰ শ্বাহীৰ আটাইকেজন বেটাৰে ৰিটায়ার্ড আউট হয়৷

বৰষুণৰ বাবে এনে আজব পন্থা লোৱা ইউএই দলটোৱে ১৬ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ১৯২ ৰান কৰাৰ পিছত বৰষুণৰ বাবে যাতে মেচখন পৰিত্যক্ত নহয়, তাৰ প্রতি লক্ষ্য ৰাখি ইনিংছ সোনকালে সমাপ্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু দলটোৰ প্রতিগৰাকী বেটাৰে ৰিটায়ার্ড আউট হোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ঘোষণাৰ দ্বাৰা ইনিংছ এটা শেষ কৰাটো টি–২০ আন্তঃৰাষ্ট্রীয় মেচত অনুমোদিত নোহোৱাৰ বাবে পেড পিন্ধি ইজনৰ পিছত সিজন বেটাৰে খেলপথাৰত প্রৱেশ কৰে আৰু ৰিটায়ার্ড আউট হয়৷ অ’পেনাৰদ্বয় ঈশা ওজাই ৫৫টা বলত ১১৩ আৰু থিৰথা চট্টীশে ৪২টা বলত ৭৪ ৰান কৰিছিল৷

দলটোৰ ৯গৰাকী বেটাৰে বলৰ সন্মুখীন নোহোৱাকৈয়ে অৱসৰ গ্রহণ কৰিছিল৷ ১৯৩ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি কাটাৰে ১১.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ২৯ ৰানহে কৰে৷ ফলত মেচখনত সংযুক্ত আৰব আমিৰ শ্বাহীয়ে ১৬৩ ৰানত জয়লাভ কৰি গ্রুপ ‘বি’ৰ শীর্ষস্থানত থাকে৷

You might also like