বিস্ফোৰক ডি ভিলিয়ার্ছ; আৰচিবিৰ বৃহৎ জয়
নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ বিস্ফোৰক বেটছমেন এবি ডি ভিলিয়ার্ছ আৰু অধিনায়ক বিৰাট কোহলিৰ দুর্দান্ত বেটিঙৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে চলিত আই পি এলত প্লে অফ খেলাৰ আশা সজীৱ কৰি তুলিছে৷ ডুবাইত শনিবাৰে অনুষ্ঠিত এখন মেচত দলটোৱে ৰাজস্থান ৰয়েলছক সাত উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৭৮ ৰানৰ লক্ষ্যৰ পিছ লৈ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে দুটা বল বাকী থকা অৱস্থাত তিনিটা উইকেটৰ বিনিময়ত জয় সাব্যস্ত কৰে৷ আৰ চি বিৰ ষষ্ঠটো জয়ৰ মূলতে আছিল ডি ভিলিয়ার্ছৰ আক্রমণাত্মক বেটিং৷ ইনিংছৰ শেষৰ ফালে বিস্ফোৰক ৰূপ ধাৰণ কৰি দক্ষিণ আফ্রিকাৰ তাৰকা বেটছমেনগৰাকীয়ে মাত্র ২২ বলত ৫৫ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ তেওঁ এটা বাউণ্ডেৰী আৰু ছটা ছিক্সাৰ কোবায়৷ গুৰকিৰট সিঙৰ সৈতে তেওঁ চতুর্থ উইকেটত ৭৭ ৰান যোগ দি আৰ চি বিৰ জয় সুনিশ্চিত কৰে৷ অ’পেনাৰ দেৱদূত পাড়িকালে ৩৫ আৰু আৰন ফিনছে ১৪ ৰানত পেভিলিয়নমুখী হয়৷ অধিনায়ক কোহলিয়ে ৪৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ তেওঁ ডি ভিলিয়ার্ছৰ সৈতে মূল্যৱান ৭৯ ৰান যোগ দিবলৈ সক্ষম হয়৷
ৰাজস্থান ৰয়েলছৰ হৈ শ্রেয়াছ গোপাল, কার্তিক ত্যাগী আৰু ৰাহুল টেৱাটিয়াই এটাকৈ উইকেট দখল কৰে৷ ইয়াৰ পূর্বে ৰাজস্থান ৰয়েলছে টছত জিকি ইনিংছ মুকলি কৰি নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৭ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ ৰবীন উথাপ্পা আৰু বেন ষ্ট’কছে প্রাৰম্ভিক যুটিত ৫০ ৰান যোগ দি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ উথাপ্পাই ২২ বলত সাতটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে ৪১ ৰান সংগ্রহ কৰে৷ ষ্ট’কছে ১৫, সঞ্জু ছেমছনে ৯, জ’ছ বাটলাৰে ২৪ ৰানত আউট হয়৷ দীর্ঘদিনৰ মূৰত ফর্মলৈ উভতি অধিনায়ক ষ্টিভেন স্মিথে ৫৭ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷ তেওঁ ৩৬ বলত ৬টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী কোবায়৷ আৰ চি বিৰ হৈ দক্ষিণ আফ্রিকাৰ তাৰকা অলৰাউণ্ডাৰ ক্রিছ মৰিছে ২৬ ৰান ব্যয় কৰি ৪টা আৰু য়ুজবেন্দ্র ছাহালে ৩৪ ৰানত দুটা উইকেট দখল কৰে৷ এই জয়েৰে আৰ চি বিয়ে ৯খন মেচৰ পৰা পইণ্টৰ সংখ্যা ১২লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ দলটোৱে এতিয়ালৈকে ছয়খন মেচত জয়ী হোৱাৰ বিপৰীতে তিনিখনত পৰাস্ত হৈছে৷