খেলৰ শেষ অভাৰলৈ থাকিব পাৰিলে যিকোনো কাম সম্ভৱ : আশুতোষ
নিউজ ডেস্ক, ২৫ মাৰ্চঃ কালি আই পি এল ২০২৫ত দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত খেল অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ২০৯ ৰান সংগ্ৰহ কৰিছিল যদিও ইয়াৰ উত্তৰত দিল্লীয়ে দুৰ্বল আৰম্ভণিৰ পিছত পৰাজয়ৰ দিশে আগবাঢ়িছিল। কিন্তু আশুতোষ দিল্লী কেপিটেলছৰ ত্ৰাণকৰ্তা হৈ ৩১টা বলত অপৰাজিত ৬৬ ৰান কৰি খেলখন জিকাই দিয়ে। এই ইনিংছৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচ হিচাপেও নিৰ্বাচিত কৰা হৈছিল। এতিয়া আশুতোষে প্ৰকাশ কৰিছে যে মানসিক চাপৰ মুহূৰ্ততো তেওঁ কেনেকৈ মেচ বিজয়ী ইনিংছ খেলিবলৈ সক্ষম হৈছিল। কাৰণ মই নিজক ইমান পৰ্যালোচনা কৰিলো যে তাৰ ফল কালিৰ মেচ পাই গলো।
মেচৰ পিছৰ প্ৰেজেণ্টেচনত নিজৰ ইনিংছৰ কথা কওঁতে আশুতোষ শৰ্মাই কয়, “যোৱা ছিজনত বহুবাৰ মেচ শেষ কৰিব নোৱাৰিলোঁ। গোটেই বছৰটো মোৰ প্ৰদৰ্শন পৰ্যালোচনা কৰিলোঁ। মই নিশ্চিত আছিলো যে শেষ অভাৰলৈকে থাকিলে মেচখনত যিকোনো কাম সম্ভৱ। বিপ্ৰজ নিগমো প্ৰশংসনীয়। মই তেওঁক অবিৰতভাৱে ডাঙৰ ডাঙৰ শ্বট খেলিবলৈ কৈছিলো। মই মোৰ প্লেয়াৰ অৱ দ্য মেচক উৎসৰ্গা কৰিব বিচাৰো।”
খেলখনত আশুতোষ শৰ্মাই ৩১টা বলত ৪৬ ৰান সংগ্ৰহ কৰে। আচলতে ১৫ অভাৰত দিল্লী কেপিটেলছৰ স্ক’ৰ আছিল ৬ উইকেটত ১৪৮ ৰান। সেই সময়লৈকে আশুতোষ শৰ্মাই ২০টা বলত মাত্ৰ ২০ ৰানহে কৰিছিল। ইয়াৰ পিছত বেটিং গিয়াৰ সলনি কৰে তেওঁ। তেওঁ নিজৰ ইনিংছৰ শেষৰ ১১টা বলত ৪৬ ৰান সংগ্ৰহ কৰে। এই শেষৰ ১১টা বলত তেওঁ ৮টা বাউণ্ডেৰী মাৰিছিল, য’ত ৫টা ছয় আৰু ৩টা চাৰিটা আছিল। শেষৰ অভাৰত শ্বাহবাজ আহমেদক ছয় মাৰি দিল্লী কেপিটেলছৰ জয় নিশ্চিত কৰে।