নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোপা আমেৰিকাৰ কোৱার্টাৰ ফাইনেলত আর্জেণ্টিনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ ডিফেণ্ডিং চেম্পিয়ন আর্জেণ্টিনাই চলিত কোপা আমেৰিকা ফুটবল প্রতিযোগিতাত প্রথমটো দল হিচাপে কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ ইষ্ট ৰাডাৰফ’ডত অনুষ্ঠিত গ্রুপ ‘এ’ৰ তীব্র উত্তেজনাপূর্ণ মেচখনত বিশ্ব চেম্পিয়ন আর্জেণ্টিনাই চিলিক ১–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰাই নহয়, গ্রুপ ‘এ’ত অপৰাজেয়ৰ ধাৰা অব্যাহত ৰাখিছে৷ আর্জেণ্টিনাই এতিয়ালৈকে দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰি মুঠ ৬ পইণ্টেৰে গ্রুপ ‘এ’ৰ পইণ্ট তালিকাৰ শীর্ষস্থান দখল কৰি কোৱার্টাৰ ফাইনেললৈ উন্নীত হয়৷ মেচখনত আর্জেণ্টিনাৰ জয়ৰ নায়ক আছিল লাউটাৰো মার্টিনেজ৷ কানাডাৰ বিপক্ষে খেলা প্রথমখন মেচত দর্শনীয় গ’ল স্ক’ৰ কৰি দলৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা মার্টিনেজে খেল শেষ হ’বলৈ দুই মিনিট বাকী থকা অৱস্থাত গ’ল স্ক’ৰ কৰি মেছি বাহিনীক জয়ৰ সোৱাদ দিয়ে৷ প্রথমার্ধত আর্জেণ্টিনাই চিলিৰ গ’ল বক্সলৈ শ্বট লয়৷ কিন্তু ভাগ্যই যেন লগ দিয়া নাছিল মেছি বাহিনীক৷ ৩৬ মিনিটত মেছিয়ে তীব্র শ্বট লৈছিল যদিও চিলিৰ গ’ল প’ষ্টত লাগি বল উভতি আহে৷ ইপিনে, ৬৮ মিনিটতো ছুপাৰ ষ্টাৰ মেছিয়ে আন এক সুবর্ণ সুযোগ নষ্ট কৰে৷ দ্বিতীয়ার্ধতো আর্জেণ্টিনাই চিলিৰ ৰক্ষণ বিভাগক ভেদ কৰি গ’ল স্ক’ৰ কৰাৰ চেষ্টা চলায় যদিও সফলতাৰ মুখ দেখা নাছিল৷ খেলখন নিশ্চিত ড্রৰ দিশে অগ্রসৰ হোৱাৰ সময়তে মার্টিনেজে চিলিৰ শিবিৰত মোক্ষম আঘাত হানে৷ ৮৮ মিনিটত দর্শনীয় গ’ল স্ক’ৰ কৰি মার্টিনেজে বিশ্ব চেম্পিয়ন আর্জেণ্টিনাক জয়ৰ সোৱাদ দিয়ে৷ মন কৰিবলগীয়া যে মেছি বাহিনীয়ে ৩০ জুনত পেৰুৰ বিপক্ষে গ্রুপৰ অন্তিমখন লীগ মেচ খেলিব৷

You might also like