ছেমিফাইনেলৰ পৰা বিদায় অসমৰ
🔹 চৈয়দ মুস্তাক আলী টি–২০
বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : চৈয়দ মুস্তাক আলী টি–২০ ক্রিকেটৰ ছেমিৰ পৰা বিদায় ল’লে ৰিয়ান পৰাগ নেতৃত্বাধীন অসমে৷ প্রতিযোগিতাখনত প্রথমবাৰৰ বাবে ছেমিফাইনেলত প্রৱেশ কৰা অসম কালি বৰোদাৰ হাতত ৬ উইকেটত পৰাস্ত হয়৷ ম’হালিত অনুষ্ঠিত দ্বিতীয়খন ছেমিত প্রথমে বেট ধৰি অভিমন্যুসিং ৰাজপুতৰ দুর্দান্ত বলিঙৰ সন্মুখত অসমে নির্ধাৰিত ২০ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৩ ৰানহে কৰে৷ ঋষভ দাসে সর্বাধিক ৪৮ ৰান কৰাৰ লগতে ডেনিছ দাসে ৩২ আৰু বিশাল ৰয়ে ২১ ৰান কৰে৷ অধিনায়ক ৰিয়ান পৰাগে ৮, সুমিত গাড়িগাওকাৰে ৫, শিৱশংকৰে ১০ আৰু পল্লৱ কুমাৰে কোনো ৰান নকৰাকৈ বিদায় লয়৷ বৰোদাৰ হৈ অভিমন্যুসিঙে চাৰিটা উইকেট লাভ কৰে৷ প্রত্যুত্তৰত মিনাড ৰাথভৰ ৪৪ আৰু জ্যোস্নিল সিঙৰ ৩৭ ৰানৰ সহায়ত বৰোদাই ১৬.১ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷