ভাৰতৰে প্রথম টেষ্টৰ দল ঘোষণা অষ্ট্রেলিয়াৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ বহু প্রতীক্ষিত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী ক্রিকেটৰ প্রথম টেষ্টৰ বাবে দল ঘোষণা কৰিছে অষ্ট্রেলিয়াই৷ মুঠ ১৩গৰাকী সদস্যৰ দলটোত দুজন টেষ্ট ক্রিকেটৰ অনভিজ্ঞ খেলুৱৈ অন্তর্ভুক্ত কৰা হৈছে৷ ইয়াৰে এজন এদিনীয়া দলৰ নিয়মীয়া সদস্য জ’ছ ইংলিছ আৰু আনজন যুৱ বেটাৰ নাথান মেকছুইনী৷ অ’পেনাৰ হিচাপে অষ্ট্রেলিয়া দলত অভিষেক ঘটিব মেকছুইনীৰ৷ আচলতে ডেভিদ ৱার্নাৰৰ অৱসৰৰ পিছত দলটোৰ অ’পেনিঙক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছে৷ ৱার্নাৰৰ বিকল্প হিচাপে থকা কেমেৰুন গ্রীন আঘাতৰ বাবে দলৰ বাহিৰত আছে৷ মাজতে ষ্টিভ স্মিথক অ’পেনাৰ হিচাপে খেলোৱা হৈছিল যদিও তেওঁ সফল হ’ব নোৱাৰিলে৷ ঘোষিত অষ্ট্রেলিয়া দলটো– পেট কামিনছ (অধিনায়ক), উছমান খাৱাজা, নাথান মেকছুইনী, মার্নাছ লাবুছান, ষ্টিভ স্মিথ, ট্রেভিছ হেড, এলেক্স কেৰি, মিছেল মার্ছ, জ’ছ ইলিংছ, স্ক’ট বোলাণ্ড, নাথান লি’, জ’ছ হেজলউড আৰু মিছেল ষ্টার্ক৷ উল্লেখ্য যে ২২ নৱেম্বৰত অষ্ট্রেলিয়াৰ মাটিত আৰম্ভ হ’ব লগা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ প্রথমখন টেষ্ট খেলোৱা হ’ব পার্থত৷ এডিলেইডত দ্বিতীয়খন টেষ্ট ৬ ডিচেম্বৰত, ব্রিজবেনৰ গাব্বাত ১৪ ডিচেম্বৰত তৃতীয়খন টেষ্ট, ২৬ ডিচেম্বৰত মেলব’ৰ্নত বক্সিং ডে টেষ্ট আৰু ৩ জানুৱাৰীত ছিডনীত পঞ্চমখন টেষ্ট অনুষ্ঠিত হ’ব৷