নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্ষৰ পেটেল ক’ৰোনাত আক্রান্ত

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: আই পি এললৈ মাজত মাথোঁ এসপ্তাহ বাকী থকা অৱস্থাত মোক্ষম আঘাতৰ সন্মুখীন হৈছে দিল্লী কেপিটেলছ৷ দলটোৰ যুৱ তাৰকা অক্ষৰ পেটেল মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ প্রতিযোগিতাখনলৈ অনিশ্চিত হৈ পৰিছে৷

দিল্লী কেপিটেলছে এক বিবৃতিত আজি প্রকাশ কৰা অনুসৰি বাঁওহতীয়া স্পীনাৰগৰাকীয়ে যোৱা ২৮ মার্চত মুম্বাইত দলীয় হোটেলত প্রৱেশ কৰিছিল৷ সেই সময়ত তেওঁৰ ক’ভিডৰ ৰিপ’ট নিগেটিভ আছিল যদিও পৰৱর্তী টেষ্টৰ ফলাফল পজিটিভ পোৱা যায়৷ সম্প্রতি তেওঁ চিকিৎসকৰ তত্ত্বাৱধানত আইছ’লেচনত আছে৷

উল্লেখ্য যে বি চি চি আইৰ এছ অ’ পি অনুসৰি ক’ভিড পজিটিভ খেলুৱৈয়ে অতিকমেও ১০ দিনলৈ দলৰ জৈৱ সুৰক্ষিত আৱেষ্টনীৰ পৰা বাহিৰত আইছ’লেচনত থাকিব লাগিব৷ ইয়াৰ পিছত খেলুৱৈগৰাকীৰ ক’ভিডৰ ফলাফল দুবাৰ নিগেটিভ অহাৰ পিছতহে তেওঁ দলীয় শিবিৰত যোগ দিব পাৰিব৷ সেই অনুসৰি অক্ষৰ পেটেলে আই পি এলৰ আৰম্ভণিৰ কেইদিনত দিল্লী কেপিটেলছৰ হৈ খেলাটো অনিশ্চিত হৈ পৰিছে৷ ইয়াৰ পূর্বে কলকাতা নাইট ৰাইডার্ছৰ বেটছমেন নীতিশ ৰাণাও ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ যোৱা ২২ মার্চত ক’ভিডত আক্রান্ত হোৱা খেলুৱৈগৰাকী সম্প্রতি সুস্থ হৈ উঠিছে৷

You might also like